
নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ দাঁতিৰ গছত প্ৰচণ্ড জােৰে খুন্দা এখন স্কুটীৰ।
এই দুৰ্ঘটনাত প্ৰাণ গ’ল এজন ছাত্ৰৰ, গুৰুতৰভৱে আহত হয় আন এজন ছাত্ৰী।
এই দুৰ্ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা পেঙেৰী সংযোগী পথৰ লাজুমত।

এই দুৰ্ঘটনাত মৃত ছাত্ৰজনৰ নাম মাধব দাস।
এই ছাত্ৰগৰাকী মাৰ্ঘেৰিটা পাব্লিক উচ্চত মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত আছিল।
জানিব পৰা মতে, মাধৱ দাস আৰু পৱিত্ৰ তাঁতি নামৰ ছাত্ৰ দুজনে স্কুটীৰে (AS 23 AE 0824) আহি থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুণ্ডা মৰাৰ ফলতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
গুৰুতৰভাৱে আঘাতপ্রাপ্ত দুয়োজন ছাত্রকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মাধৱ দাস নামৰ ছাত্ৰজনে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
আনহাতে, পৱিত্ৰ তাঁতি নামৰ ছাত্ৰজনৰো অৱস্থা সংকটজনক হোৱাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।