খেল পথাৰত সাপ উদ্ধাৰৰ পিছত এইবাৰ কুকুৰৰ বাবে স্তব্ধ হৈ পৰিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল…

নিউজ ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টি-২০ খেলত কাৰেণ্ট আৰু সাপে সৃষ্টি কৰিছিল বিসংগতিৰ।

তাক লৈ সৰ্বত্ৰে চৰ্চাও চলিছিল। কিন্তু এইবাৰ অসমত নহয়, দিল্লীত এটা কুকুৰৰ বাবে কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ এদিনীয়া খেল।

দৰাচলতে মঙলবাৰে দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয়খন এদিনীয়া খেল চলি থকাৰ সময়তে খেল পথাৰত কেনেবাকৈ প্ৰৱেশ কৰে এটা কুকুৰে।

dog stadium
খেল পথাৰত সাপ উদ্ধাৰৰ পিছত এইবাৰ কুকুৰৰ বাবে স্তব্ধ হৈ পৰিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল… 2

দক্ষিণ আফ্ৰিকাৰ বেটিঙৰ সময়তে কুকুৰৰ এনে আকস্মিক প্ৰৱেশত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে খেলখন।

অৱশ্যে পিছত কুকুৰটো বাহিৰলৈ উলিয়াই দিয়াৰ পিছত পুনৰ স্বাভাৱিকভাৱেই খেলখন অনুষ্ঠিত হয়।

উল্লেখ্য যে, নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয়খন এদিনীয়াত ৭ উইকেটত জয়লাভ কৰি চিৰিজ নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ভাৰতে।