খেলৰ মাজতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সন্দীপ নাংগাল আম্বিয়াক আততায়ীৰ গুলিবৰ্ষণ, মৃত্যু…

খেলৰ মাজতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সন্দীপ নাংগাল আম্বিয়াক আততায়ীৰ গুলিবৰ্ষণ।

কেইবা জাই গুলিৰে থকা সৰকা কৰে খেলুৱৈ গৰাকীৰ শৰীৰ।

পাঞ্জাৱৰ জলন্ধৰত সংঘটিত হয় এই চাঞ্চ্যলকৰ ঘটনা।

এক কাবাদী টুৰ্নামেণ্ট চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

লগে লগে দৰ্শকৰ মাজত হাহাকাৰ লাগি যায়। দৌৰা দৌৰি লাগি সকলোৰে মাজত। সেই সুযোগতে পলায়ন কৰে আততায়ী।

Image

উপস্থিত লোকে ততাতৈয়াকৈ সন্দীপ নাংগাল আম্বিয়াক নিকট হাস্পতাললৈ নিয়ে যদিও অত্যধিক ৰক্ত ক্ষৰণ হোৱাৰ ফলত হাস্পতাল পোৱাৰ পূৰ্বেই প্ৰাণ ত্যাগ কৰে সন্দীপে।

আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

ঘটনাৰ প্ৰত্যক্ষদৰ্শী সকলোকো ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক তেনেদৰে হঠাতে কোনো আততায়ীয়ে হত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

হায়দৰাবাদত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছুইগীত কৰ্মৰত অসমৰ অমৰ ৰাভাই

G8 3
খেলৰ মাজতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সন্দীপ নাংগাল আম্বিয়াক আততায়ীৰ গুলিবৰ্ষণ, মৃত্যু... 3

Leave a Comment