খেলৰ ফলাফলক লৈ কুৰুক্ষেত্ৰত পৰিণত হ’ল ষ্টেডিয়াম।
দুই পক্ষৰ সমৰ্থকৰ মাজত সংঘৰ্ষত ১২৯ জন লোকৰ মৃত্যু।
ইণ্ডোনেছিয়াৰ ইষ্ট জাভাত ফুটবলজনিত হিংসাৰ এই ভয়ানক ৰূপ।

ইণ্ডোনেছিয়াৰ ইষ্ট জাভাৰ মালাংস্থিত কাঞ্জুৰুহান ষ্টেডিয়ামত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
দুই দলৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰ-পিচ, ঠেলা-হেঁচাত দুজন আৰক্ষীসহ কমেও ১২৯ জন লোক নিহত হোৱাৰ বিপৰীতে ১৮০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

এই ঘটনা সংঘটিত হৈছে ইণ্ডোনেছিয়াৰ আৰেমা ফুটবল ক্লাব আৰু পাৰ্ছেবায়া ক্লাবৰ মাজৰ ফুটবল খেল এখনত।খেলৰ ফলাফলক লৈ দুয়ো দলৰ অনুৰাগীৰ মাজত সৃষ্টি হোৱা বিতৰ্কই ক্ৰমে বিষম ৰূপ লয়।
তাৰ পাছতেই ষ্টেডিয়ামৰ নিৰাপত্তাৰক্ষী আৰু ইণ্ডোনেছিয়ান আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাই যদিও বৃহৎ সংখ্যক অনুৰাগীক নিয়ন্ত্ৰণলৈ আনিবলৈ অসফল হয়।

অৱশেষত ৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ হস্তক্ষেপত কন্দুৱা গেছ আৰু লাঠি চাৰ্জৰ প্ৰয়োগেৰে নিয়ন্ত্ৰণলৈ আনিব লগীয়া হয় অনুৰাগী সকলক।
উল্লেখ্য যে, এই দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ইণ্ডোনেছিয়াত বৰ্তমান চলি থকা ব্ৰি লিগা-১ৰ সকলো খেল পৰৱৰ্তী সপ্তাহলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।