খুলি পৰিল চলন্ত বাছৰ চকা, আঘাতত গুৰুতৰভাৱে আহত দুই কিশােৰ-কিশােৰী

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চলন্ত বাছৰ খুলি পৰা চকাৰ আঘাতত গুৰুতৰভাৱে আহত দুই কিশোৰ-কিশোৰী।

এই ভয়ংকৰ দুৰ্ঘটনাৰ স্থান ধুবুৰী জিলাৰ বিলাসীপাৰা সোনকোষৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

জানিব পৰা মতে, বিলাসীপাৰাৰ পৰা ধুবুৰী অভিমুখি যােৱা এএছ০১জে চি২৬১১ নম্বৰৰ ‘মা সনসা’ নামৰ চলন্ত যাত্ৰীবাহী আল্ট্ৰা বাছখনৰ চকা খুলি যায়।

6 15
খুলি পৰিল চলন্ত বাছৰ চকা, আঘাতত গুৰুতৰভাৱে আহত দুই কিশােৰ-কিশােৰী 2

তেনে সময়তে পথৰ কাষেৰে পদব্ৰজে যােৱা জাহাংগীৰ আলম আৰু খাদীজা বেগম নামৰ দুই কিশোৰ-কিশোৰী চকাটােৰ প্ৰচণ্ড আঘাতত গুৰুতৰভাৱে আহত হয়।

আহত দুয়োগৰাকীৰে ঘৰ সোনকোষৰ ঘোগাবালাপাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে।

আহত দুয়োগৰাকীকে ততাতৈয়াকৈ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও অতি সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Comment