খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীৰে ১৭ আগষ্টত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নেছ’ৱে

নিউজ ডেস্কঃ খিলঞ্জীয়াৰ স্বাৰ্থত আকৌ এবাৰ ৰাজপথ কঁপাবলৈ সাজু হৈছে উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছ’। উত্তৰ-পূবৰ খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষাৰ দাবীত দুবছৰৰ পিছত পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলি ঘোষণা কৰে সংগঠনটোৱে।

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত নেছ’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত অহা ১৭ আগষ্টত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ ঘোষণা কৰে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ খিলঞ্জীয়া নাগৰিৰ অস্তিত্বক লৈ অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে সংগঠনটোৱে।

গুৱাহাটীৰ পাণবজাৰস্থিত প্ৰাগ কণ্টিনেন্টেল হোটেলত অনুষ্ঠিত নেছ’ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত নৱেম্বৰৰ শেষৰভাগত সংগঠনটোৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে।

photo1659593679
খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীৰে ১৭ আগষ্টত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নেছ’ৱে 3

বৈঠকৰ অন্তত এক সংবাদ মেল সম্বোধন কৰি সংগঠনটোৰ নেতৃত্বই কয় যে চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই আজিও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিদেশী সমস্যাৰ সমাধান সম্ভৱ হোৱা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ সংলগ্ন ভাৰত-বাংলা সীমান্তৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ উপৰি এতিয়া মৌলবাদী শক্তিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত প্ৰৱেশ কৰি খিলঞ্জীয়াৰ ভৱিষ্যতৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে।

চৰকাৰে সময় নিৰ্ধাৰিতভাৱে বিদেশী সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবেই এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নিজৰ পৰিসৰ বৃদ্ধি কৰিছে জেহাদী, হুজি, আল কায়দা আদি মৌলবাদী সংগঠনে। যাৰ বাবে উত্তৰ-পূবৰ পৰা মৌলবাদী শক্তিক উৎখাত কৰাৰ লগতে খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত সংগঠনটোৱে গ্ৰহণ কৰিছে প্ৰতিবাদৰ সিদ্ধান্ত।

আনহাতে এই প্ৰতিবাদৰ জৰিয়তে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে আংশিকভাৱে বাতিল কৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন সম্পূৰ্ণৰূপে বাতিলৰ দাবী উত্থাপন কৰিব বুলিও সংবাদ মেলত মন্তব্য কৰে নেছ’ৰ নেতৃত্বই। তদুপৰি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে ত্ৰিপুৰাত খিলঞ্জীয় নাগৰিকৰ অধিকাৰ ঘূৰাই দিব লাগিব বুলিও মন্তব্য কৰে নেতৃত্বই।

photo1659593678
খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবীৰে ১৭ আগষ্টত উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নেছ’ৱে 4

সংগঠনটোৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘চৰকাৰে চাক্‌মা-হাজঙৰ সমস্যা সমাধান কৰিব লাগিব। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰক দাখিল কৰা প্ৰতিবেদন কার্যকৰী কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। তদুপৰি খিলঞ্জীয়াৰ চাকৰি সংৰক্ষণ কৰা, উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অৰ্থনৈতিক কৰিড’ৰৰ পৰিবৰ্তে অৰ্থনৈতিক হাবৰূপে গঢ়ি তোলাৰো পদক্ষেপ ল’ব লাগিব। এনেসমুূহ দাবীৰে আমি ১৭ আগষ্টত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম।’

সংবাদমেলত নেছ’ৰ নেতৃত্বই ছাত্ৰ-ছাত্ৰীয়ে যাতে উত্তৰ-পূৰ্বাঞ্চলতে থাকি উন্নতমানৰ উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলাৰ দাবী জনায়। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহত নতুন নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনেৰে আধুনিক শিক্ষা প্ৰৱৰ্তন কৰাৰ বাবে কেন্দ্ৰক কাৰ্যকৰী পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰে।