খাকী পোছাকধাৰীৰ আন এক নিৰ্লজ্জ কাণ্ড! এইবাৰ থানাৰ ভিতৰতে যুৱতীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ SI ৰিপজ্যোতি দলে…

নিউজ ডেস্কঃ আকৌ খাকী পোছাকত দাগ।

এইবাৰ থানাৰ ভিতৰতে যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শক ৰিপজ্যোতি দলেৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ।

থানাত এজাহাৰ দাখিল কৰিবলৈ অহা এগৰাকী যুৱতীক নিৰ্যাতনৰ অভিযোগ এছআই ৰিপজ্যোতি দলেৰ বিৰুদ্ধে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত এছআই জনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে কাৰাগাৰলৈ।