
নিউজ ডেস্কঃ অবৈধভাৱে নিৰ্মাণ কৰা এটা চাৰি মহলীয়া অট্টালিকা ভাগি পৰাৰ পিছতে ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰিল বহু লোক।
মঙলবাৰে লক্ষ্ণৌৰ ৱাজিৰ হাছান ৰোডস্থিত অট্টালিকাটো খহি পৰাৰ পিছতে উদ্ধাৰকাৰী দল আৰু আৰক্ষীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ পৰা এই পৰ্যন্ত ১৪ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছে যদিও এতিয়াও আন বহু লোক ভিতৰত আৱদ্ধ হৈ আছে।
লক্ষ্ণৌ সংমণ্ডল আয়ুক্ত ৰোশন জেকৱে জানিবলৈ দিয়া মতে, খহি পৰা পুৰণি অট্টালিকাটো অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। অট্টালিকাটো খহি পৰা ঘটনাৰ তদন্তৰ বাবে এখন সমিতি গঠন কৰা হৈছে।
ঘটনাস্থলীত এছডিআৰএফ, অগ্নি নিৰ্বাপক বাহিনী, সেনা আৰু আৰক্ষী জোৱানে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু আৱদ্ধ সকলক অক্সিজেন যোগান ধৰা হৈছে।