কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱান মৃগেন বৰাই…

এক শোকাৱহ পথ দুৰ্ঘটনা।

কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ সময়তে দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী আৰক্ষী জোৱানে।

দেৰগাঁৱৰ চকলাঘাটৰ পকি দলঙৰ সমীপত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।

মৃগেন বৰাৰ ঘৰ দেৰগাঁৱৰ খকণ্ডগুৰি গাঁৱত।

vlcsnap 2022 01 30 20h39m44s799
কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱান মৃগেন বৰাই... 3

দেওবাৰে পুৱা প্ৰায় ৯ মান বজাত সংঘটিত পথ দুৰ্ঘটনাত যোৰহাটৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱান মৃগেন বৰা আঘাতপ্ৰাপ্ত হয় আৰু পিছত চিকিৎসালয়লৈ নি থকা অৱস্থাতে কৰুণ মৃত্যুক সাৱটি লয়।

পুৱা মৃগেন বৰা বাইকেৰে যোৰহাটৰ পৰা দেৰগাঁৱৰ খকণ্ডগুৰি গাঁৱৰ নিজ গৃহলৈ আহি আছিল আৰু তেতিয়াই চকলাঘাটৰ দলং পাৰ হৈ পথৰ কাষৰ বৈদুৎতিক খুঁটাত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়।

vlcsnap 2022 01 30 20h39m56s485
কৰ্তব্য সামৰি ঘৰলৈ উভতাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱান মৃগেন বৰাই... 4

দুৰ্ঘটনাৰ পিছত তেওঁক চিকিৎসালয়লৈ নি থকা হৈছিল যদিও যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে মৃত ঘোষণা কৰে।

অসম আৰক্ষীত কৰ্মৰত মৃগেন বৰাৰ মৃত্যুত খকণ্ডগুৰি গাঁৱত শোকৰ ছা পৰিছে।

Leave a Comment