
নিউজ ডেস্কঃ ৰীল ভিডিঅ’ বনাই আজিকালি সামাজিক মাধ্যমত জনপ্ৰিয় হোৱাৰ মানসিকতা সহজলভ্য হৈ পৰিছে। ঘৰৰ ড্ৰয়িং ৰুমেই হওক বা ৰাজপথৰ ট্ৰেফিক পইণ্ট, সুযোগ পালেই মোবাইল ফোনটো উলিয়াই লৈ মুখৰ দহটা অংগী ভংগী দি ৰীল ভিডিঅ’ বনোৱা দেখা যায় বহুতকে। এনে ৰীল ভিডিঅ’ৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ভাইৰেলো হৈ পৰিছে বহুজন।
কিন্তু এইবাৰ ৰীল ভিডিঅ’ বনাবলৈ গৈ নিজলৈকে আপদ মাতি আনিলে উত্তৰ প্ৰদেশৰ তিনিগৰাকী আৰক্ষীয়ে। হৰদোই আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষীয়ে খাকী পোছাকত প্ৰস্তুত কৰা কেইবাটাও ৰীল ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে নিলম্বিত হ’বলগীয়া হ’ল চাকৰিৰ পৰা।
#UP में #Reels बनाते पुलिसकर्मियों का वीडियो वायरल, SP ने कर दिया निलंबित..
— Zee News Crime (@ZeeNewsCrime) July 1, 2022
@lkopolice #Hardoi#LiveUpdates – https://t.co/Q75INvIg1n pic.twitter.com/1Yztc2Snfk
কৰ্তব্যত অৱহেলা কৰি ৰীল ভিডিঅ’ বনোৱাৰ অপৰাধত মহিলা আৰক্ষী গৰাকীসহ তিনিজন কনিষ্টবলক চাকৰিৰ পৰা নিলম্বন কৰে উৰ্ধ্বতন কৰ্তৃপক্ষই।
ৰীল বনাই চাকৰিৰ পৰা নিলম্বিত হোৱা মহিলা আৰক্ষীগৰাকীৰ নাম বসুধা মিশ্ৰ বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ ইউনিফৰ্ম পৰিহিত অৱস্থাত নিৰ্মাণ কৰা তেওঁৰ ৮টা ৰীল ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। বসুধাই এই ভিডিঅ’বোৰ ৰাস্তাত পুৰুষ আৰক্ষীৰ সৈতে, আৰক্ষীৰ গাড়ীকে ধৰি বিভিন্ন স্থানত নিৰ্মাণ কৰিছিল।
ভিডিঅ’কেইটা পোহৰলৈ অহাৰ পিছতে, আৰক্ষী অধীক্ষকে গোচৰটোৰ তদন্ত কৰি বসুধা মিশ্ৰ আৰু কনিষ্টবল ধৰ্মেশ কুমাৰ আৰু যোগেশ কুমাৰক নিলম্বন কৰে। আৰক্ষী অধীক্ষক ৰাজেশ দ্বিবেদীয়ে জনোৱা মতে বিষয়টোৰ বিভাগীয় তদন্ত চলি আছে।