কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা আৰক্ষীক ৰ’ডেৰে প্ৰহাৰ যুৱকৰ, চিকিৎসালয়ত ভৰ্তি…

কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা আৰক্ষীক ৰ’ডেৰে প্ৰহাৰ এজন যুৱকৰ।

উত্তৰ প্ৰদেশ লক্ষ্ণৌৰ আলিগঞ্জ থানাৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

মূৰত প্ৰহাৰ কৰা মহিলা আৰক্ষীগৰাকীক ততাতৈয়াকৈ হস্পাতালত ভৰ্তি কৰা হয়।

কৰ্তব্যৰত অৱস্থাতে মহিলা আৰক্ষী গৰাকীক ৰ’ডেৰে প্ৰহাৰ কৰা যুৱকজনৰ নাম হৈছে প্ৰভত সিং।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, আলীগঞ্জ থানাৰ এইগৰাকী মহিলা আৰক্ষীয়ে এখন কাজিয়া ভাঙিবলৈ যাওতে ৰডেৰে প্ৰহাৰ কৰে এগৰাকী যুৱকে।

প্ৰহাৰ কৰা যুৱকগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বৰ্তমান আঘাতপ্ৰাপ্ত আৰক্ষীগৰাকীৰ স্বাস্থ্য সংকটমুক্ত বুলি সদৰি কৰিছে আৰক্ষীয়ে

up police tweet 4564

Leave a Comment