কৰ্তব্যত গাফিলতি! অভিযুক্তক ৰক্ষণাবেক্ষণ দি নিলম্বিত হ’ল আৰক্ষী বিষয়া আফজল হুছেইন…

বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনক নিলম্বন।
মহিলা নিৰ্যাতনৰ ঘটনাৰ তদন্তত হেমাহিৰ অভিযোগত নিলম্বিত হ’ল আৰক্ষী বিষয়াগৰাকী।
উল্লেখ্য যে চিৰাঙৰ নাঙলভঙাত চলিছিল এগৰাকী মহিলাক দলবদ্ধ নিৰ্যাতনৰ চেষ্টা।
খেতিপথাৰৰ মাজতে একাংশ দানৱৰ নিকৃষ্ট কাণ্ড ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।
বেংতল আৰক্ষী চকীত অভিযোগ দিছিল ভুক্তভোগী মহিলাগৰাকীয়ে।
কিন্তু বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক আফজাল হুছেইনে দুৰ্ভগীয়া মহিলা গৰাকীক ন্যায় দিয়াৰ পৰিৱৰ্তে আচামীসকলক ৰক্ষণাবেক্ষণ দি শ্লীলতাহানিৰ গোচৰ উঠাই ল’বলৈ মহিলাগৰাকীক হেচাঁ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

শুকুৰবাৰে নিৰ্যাতিতা মহিলাগৰাকীয়ে বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ এই আচৰণ কথা প্ৰথমে সংবাদ মাধ্যম আৰু পিছত চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰানজিত বৰাৰ কাষ চাপি অৱগত কৰে।
ইয়াৰ পিছতে চিৰাং আৰক্ষীৰ পৰা বিভাগীয় ভাৱে তদন্ত কৰি শুক্ৰবাৰৰ বিয়লিৰ ভাগত আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল আলীক চাকৰিৰ পৰা নিলম্বন কৰে।
চিৰাং আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ মূল অভিযুক্ত গুলজাৰ হুছেইন আৰু পবিত্ৰ ৰায়, গণেশ ৰায় নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। বাকী ৪ জন এতিয়াও পলাতক হৈ আছে।
পলাতক অভিযুক্তসকলক সন্ধান বিচাৰি চিৰাং আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জনায়।