
নিউজ ডেস্ক। কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁ পত্নী, সন্তানৰ লগতে সেনাবাহিনীৰ জােৱানক এম্বুশ্ব কৰি হত্যা কৰা উগ্ৰপন্থীসকলক চিনাক্ত কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA এ।
যােৱা বছৰৰ ১৩ নৱেম্বৰত মণিপুৰৰ চূড়াচান্দপুৰ জিলাত পিপলছ লিবাৰেচন আৰ্মি চমুকৈ PLA ৰ বিদ্ৰোহীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত শ্বহীদ হৈছিল আছাম ৰাইফলছৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পুত্ৰ-পত্নী আৰু অন্য পাঁচজন জোৱান।

দেশ কঁপাই যোৱা এই কূটাঘাতৰ ঘটনৰ বিষয়ে তথ্য দিওঁতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা ‘নিয়া’ই আঠ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
এন আই এয়ে এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰি এম্বুশ্বৰ সৈতে জড়িত পিপলছ লিবাৰেচন আৰ্মি (PLA) আৰু মণিপুৰী নগা পিপলছ ফ্ৰণ্টৰ (NPF) দহজনীয়া উগ্ৰপন্থী দলটোৰ নাম আৰু ফটো পৰিচয় প্ৰকাশ কৰি এই উগ্ৰপন্থীৰ তথ্য দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে।
যিকোনো ব্যক্তিয়ে উগ্ৰপন্থী দলটোৰ সন্দৰ্ভত তথ্য ৬৯০৯৩৬৬১৭৮ নম্বৰ হোৱাটছএপযোগে দিব পাৰিব।
তথ্য দিওঁতাৰ পৰিচয় গোপনে ৰখা হ’ব বুলি জানিবলৈ দিছে।

তদন্তকাৰী সংস্থাটােৱে পিপলছ লিবাৰেচন আৰ্মি কৰ্নেল ছাওয়াই ওৰফে পুখৰামবাম, কৰ্নেল ছাগলচেম অনাওছা ওৰফে ৰঞ্জিত, লেফটেনেণ্ট ছানাটবাম, ছাৰ্জেণ্ট মেজৰ খৱাইৰাকাপা, যোছেফ, কান্তক ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা বুলি নিশ্চিত কৰিছে।
ইয়াৰে কৰ্নেল ছাওয়াইৰ সন্ধান দিওঁতাক আঠ লাখ আৰু ছাগলচেমৰ সন্ধান দিওঁতাক ছয় লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

উল্লেখয্যগে যে ১৩ নৱেম্বৰৰ পুৱা মণিপুৰৰ ডূড়াচান্দপুৰ জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তৰ বেহিয়াঙত মণিপুৰ পিপলছ লিবাৰেচন আৰ্মিৰ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণত ছহিদ হৈছিল ৪৬ নং আছাম ৰাইফলছ কৰ্নেল বিপ্লৱ ত্ৰিপাঠী (৪০), তেওঁৰ পত্নী অনুজা শুক্লা (৩৬) আৰু তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ আবিৰৰ লগতে আন পাঁচজন জোৱান।