
নিউজ ডেস্কঃ মৃত্যু কাৰ জীৱনলৈ কেতিয়া আৰু কিদৰে আহে কোনে জানে!
প্ৰচণ্ড বৰুষণৰ পিছত প্লাৱিত হৈ পৰিছিল চৌদিশ। গাড়ীৰ সন্মুখৰ গ্লাচত কিনকিনকৈ পৰিছিল বৰষুণৰ টোপালবোৰ… খিৰিকিখন মেলি দিলেই শীতল বতাহ এজাকে মন-প্ৰাণ চুই যোৱাৰ বতৰ তেতিয়া।
প্ৰকৃতিৰ এনে অনন্য ৰূপৰ মাজেৰে লাহে লাহে আগবাঢ়িছিল ৫ বন্ধুৱে যাত্ৰা কৰা হোণ্ডাই বাহনখন। মাজে মাজে সন্মুখৰ হুইপাৰেৰে আইনাখন চাফা কৰি চিকুণ কৰি লৈছিল বৰষুণৰ বাট। ৫ বন্ধুৰ মাজত চলিছিল কথাৰ আড্ডা। সমাজ.. ৰাজনীতি… বৰষুণ… বান… অনেক কথা!

যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ৫ বন্ধুৰ হোণ্ডাই বাহনখনে এঠাইত নিয়ন্ত্ৰণ হেৰুৱায় পেলায়। সেয়া ঠাইখিনিয়েই আছিল কলিয়াবৰৰ কাঞ্চনজুৰি। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেওঁলোকে আহি থকাৰ সময়তে কাঞ্চনজুৰিত পথৰ পৰা বাগৰি দ খাৱৈত পৰে তেওঁলোকৰ বাহনখন।

লাহে লাহে দ খাৱৈৰ বুকুত অদৃশ্য হ’বলৈ ধৰা বাহনখনৰ সন্মুখৰ আইনা ভাগি এজন বন্ধু বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হল ঠিকেই, কিন্তু কাৰোবাক সহায়ৰ বাবে মতাৰ পূৰ্বে বা নিজে আঘাতপ্ৰাপ্ত শৰীৰেৰে সহায় কৰাৰ পূৰ্বেই সম্পূৰ্ণৰূপে ডুব যায় বাহনখন। যাৰ ফলত কৰুণ মৃত্যুৱ সাৱটি লয় আন ৪ অভিন্ন বন্ধুৱে।

এই শোকাবহ দুৰ্ঘটনাই আজি ম্ৰিয়মান কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক। দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ৪ বন্ধু ৰোহিত দাস (২৩), ঋষভ দাস (১৯), অংকুৰ জ্যোতি বৰা (২০) আৰু ৰাহুল সেনাপতি (২০)য়ে। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে আনজন বন্ধু শচীন বৰদলৈৰ।

চকুৰ সন্মুখতে ৪ বন্ধুৰ মৃত্যুত শোকত ভাগি পৰিছে শচীন। বন্ধুৰ জীৱন ৰক্ষা কৰিব নোৱাৰাৰ দুখে ম্ৰিয়মান কৰি তুলিছে তেওঁক। গাড়ীৰ চিল্টবেল্ট পৰিধান কৰি থকাৰ বাবেই ডুবিবলৈ ধৰা বাহনখনৰ পৰা বন্ধুকেইজন ওলাই আহিব নোৱাৰিলে বুলিও সন্দেহ কৰিছে শচীনে।

ইফালে যুৱক কেইজনৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই কান্দোনৰ ৰোল উঠিছে ৰোহিত, ঋষভ, অংকুৰ আৰু ৰাহুলৰ পৰিয়ালত। এনে এক ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা ৪ যুৱকৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসীও।