কৰুণ ঘটনা! পুখুৰীত বৰশী বাই থাকোতেই পিছলি পৰি দুটি শিশুৰ সলিল সমাধি, ঘৰত কান্দোনৰ ৰোল…

এক শোকাৱহ ঘটনা।

পুখৰীত বৰশী বাই থাকোতেই পিছলি পৰি সলিল সমাধি ঘটে দুটি শিশুৰ।

মঙলবাৰে নগাঁৱত কৃষ্ণাইখাটত সংঘটিত হৈছে এক কৰুণ ঘটনা।

পুখুৰীত বৰশী বাই থাকোতে পুখুৰীত পিছলি পৰি দুই শিশুৰ কৰণ মৃত্যু।

জানিব পৰামতে, কৃষ্ণাইখাটৰ স্থায়ী বাসিন্দা প্ৰদীপ বৰাৰ দুই সন্তান ক্ৰমে হিমাংশু বৰা (৬) আৰু ভূমিকা বৰা (১০) নামৰ দুই শিশুৱে বাৰিৰ পিছফালে থকা এটা পুখুৰীত বৰশী বাই আছিল।

কিন্তু দুৰ্ভাগ্যৱশত পুখুৰীটোত বৰশী বাই থকা অৱস্থাতে পিছল খাই পৰে শিশুদুটি।

উল্লেখ্য যে মৃত ভূমিকা বৰা পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল।

এই শোকাৱহ ঘটনাৰ পিছতে ঘৰখনত উঠে কান্দোনৰ ৰোল, অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।