
নিউজ ডেস্কঃ কৰিমঞ্জত বৃহৎ পৰিমানৰ নকল নোটসহ গ্ৰেপ্তাৰ এজন।
মঙলবাৰে ২১নং অসম ৰাইফলছ আৰু পাথাৰকান্দি আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নকল নোটখিনি।
গোপনে সৰবৰাহৰ সময়তে এজন সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা হয় ১৫ লাখ ৪৪ হাজাৰ নকল নোট।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সৰবৰাহকাৰীজনক।
আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে।