Skip to toolbar
Mon. Sep 21st, 2020

কৰ’ণা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ।

এবছৰৰ বাবে ৩০ শতাংশকৈ দৰমহা কৰ্তন হ’ব সাংসদ সকলৰ।

সাংসদ সকলৰ দৰমহাৰ লগতে ভাত্তা আৰু পেণ্সনৰ ৩০ শতাঁংশ কৰ্তন কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা সংশোধনী বিধেয়ক খন মঙলবাৰে মৌখিক ভোটত গৃহীত হয় লোকসভাত।

এই বিধেয়ক খন ৰাজ্য সভাত গৃহীত হোৱা নাই। ৰাজ্যসভাত এই বিধেয়ক খন গৃহীত হ’লে দৰমহা কৰ্তনৰ এই প্ৰস্তাব কাৰ্যক্ষম হব।

এই প্ৰস্তাৱ অনুসৰি সাংসদ সকলৰ দৰমহা ১ লাখৰ পৰা ৭০ হাজাৰ টকালৈ হ্ৰাস পোৱাৰ লগতে কাৰ্যালয় ভাট্টাৰ নামত লাভ কৰা ৬০ হেজাৰ টকাৰো ৩০ শতাংশ কৰ্তন কৰা হব।

সাংসদ পুঁজিৰ এই ধন কৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব।