কৰ’ণাৰ ভয়াৱহ সংক্ৰমণঃ ৰাজ্যৰ এইখন জিলাত পুনৰ বাধ্যতামূলক হ’ল মাস্ক…

সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

যাৰ পৰিপেক্ষিতত কাছাৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ।

জিলাখনত বাধ্যতামূলক কৰা হৈছে মাস্কৰ ব্যৱহাৰ।

কাছাৰৰ সকলো কাৰ্যালয়ত মাস্ক পৰিধান কৰাটো বাধ্যমূলক।

ৰাজহুৱা স্থানৰ তথা ব্যৱসায়ীক প্ৰতিষ্ঠানতো পৰিধান কৰিব লাগিব মাস্ক।

লগতে তেল ডিপ’ত মাস্ক অবিহনে পেট্ৰ’ল-ডিজেল নিদিবলৈ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে।

জিলাখনত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই জৰুৰী নিৰ্দশনা প্ৰদান কৰিছে প্ৰশাসনে।