কৰ’ণাৰ চতুৰ্থ ঢৌৰ আশংকাঃ উত্তৰ-পূবৰ এখন ৰাজ্যসহ দেশৰ ৫ ৰাজ্যত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ…

দেশত পুনৰ আৰম্ভ হ’ব নেকি কৰ’ণাৰ সংহাৰী ৰূপ।

কিয়নো দেশৰ কেইবাখনো ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ।

যাৰ পৰিপেক্ষিতত উদ্বেগ বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ।

সেয়ে আগন্তুক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিশেষকৈ ৫খন ৰাজ্যক সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে দিল্লী, হাৰিয়ানা, কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ পূৱৰ ৰাজ্য মিজোৰামকো কৰ’ণাৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আৰু সকলো প্ৰয়োজনীয় পদক্ষেপ লবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, চলিত সপ্তাহত, উক্ত ৰাজ্য কেইখনত কভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।

দেশৰ অন্য ঠাইতো যাতে কৰণাৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি লাভ নকৰে সেয়ে স্বাস্থ্য সচিবে উক্ত ৰাজ্যসমূহক কঠোৰ সতৰ্কতা বজাই ৰাখিবলৈ আৰু প্ৰয়োজন হ’লে সুৰক্ষাৰ বাবে আগতীয়াকৈ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

Leave a Comment