কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী…

দেশত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’ণাৰ সংক্ৰমণ।
দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনতো প্ৰভাৱ পেলাইছে কৰ’ণাই।
কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীক পুনৰ এবাৰ কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীজনে নিজেই কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা টুইটযোগে সদৰি কৰিছে।
राजेंद्र नगर में आयोजित कार्यक्रम में सम्मिलित नहीं हो पाने के लिए मैं वहाँ के नागरिकों से क्षमा चाहती हूँ, क्योंकि मेरी कोरोना रिपोर्ट पॉजिटिव आई है।
— Smriti Z Irani (@smritiirani) June 19, 2022
मैं राजेंद्र नगर के लोगों से @rajeshbhatiabjp जी को वोट देने और @BJP4Delhi को जिताने की अपील करती हूँ। https://t.co/nawn5XTBbu
স্মৃতি ইৰাণীয়ে টুইট কৰি কয়, ‘অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰাৰ বাবে মই ৰাজেন্দ্ৰ নগৰৰ নাগৰিকসকলৰ ওচৰত ক্ষমা বিচাৰিব বিচাৰো, কিয়নো মোৰ কৰ’ণা প্ৰতিবেদন ইতিবাচক হৈছে।
লগতে তেওঁ কয়- মই ৰাজেন্দ্ৰ নগৰৰ জনসাধাৰণক ৰাজেশ ভাটিয়াক তেওঁলোকৰ ভোট দিবলৈ আৰু তেওঁৰ বিজয় নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছো।’