Skip to toolbar
Mon. Sep 21st, 2020

অসমত শেহতীয়াভাৱে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱা লোকৰ সংখ্যা।

কিন্তু ইয়াৰ মাজতে ক’ভিডক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা উভতিলে এগৰাকী ১০০ বছৰীয়া আইতাই।

গুৱাহাটীৰ হাতীগাঁৱত থকা মাদাৰ অ’ল্ড এজ হোমৰ বাসিন্দা মাই সন্দিকৈ নামৰ এগৰাকী ১০০ বছৰীয়া আইতাক যোৱা ৭ ছেপ্তেম্বৰত ক’ভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছিল।

ইয়াৰ পিছতে তেওঁক ভৰ্তি কৰোৱা হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত।

তেওঁৰ সৈতে একেলগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল অ’ল্ড এজ হোমটোৰে আন এগৰাকী ৭৫ বছৰীয়া আইতাক।

ক’ৰ’ণা জয় কৰি চিকিৎসালয়ৰ পৰা উভতিল ১০০ বছৰীয়া আইতাই

চিকিৎসা গ্ৰহণৰ অন্তত শেহতীয়াকৈ দুয়োগৰাকী আইতাই কৰ’ণাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে।

যাৰবাবে এতিয়া স্বাস্থ্যকৰ্মীসকলৰ লগতে সকলোৱে আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে।