ক্ষুব্ধ জনতাৰ শিলাক্ৰমণ! ক্ৰিকেট হেলমেট পিন্ধি ৰাজহুৱা সভাত অংশ ল’লে বিজেপি বিধায়কে…

নিউজ ডেস্কঃ ক্ষুব্ধ জনতাৰ শিলাক্ৰমণৰ বিৰুদ্ধে ক্ৰিকেট হেলমেট পৰিধান কৰি ৰাজহুৱা সভাত অংশ ল’লে এজন বিজেপি বিধায়কে।

এই ঘটনা সংঘটিত হৈছে ছত্তীশগড়ত।

বুধবাৰে ছত্তীশগড়ৰ সুপেলাত মূৰত ক্ৰিকেট হেলমেট পিন্ধি বিজেপিৰ এখন ৰাজহুৱা সভাত অংশ লোৱা দেখা গ’ল বিধায়ক অজয় চন্দ্ৰকাৰক।

বিধায়কগৰাকীয়ে দাবী কৰা মতে, সুপেলাত একাংশ লোকে তেওঁৰ ওপৰত শিলাক্ৰমণ কৰিছিল।

এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে হেলমেট পিন্ধি সভাত অংশ ল’লে বিজেপি বিধায়কজনে।

অন্যহাতে ক্ষুব্ধ সমষ্টিবাসীৰ আক্ৰমণৰ ভয়ত বিধায়কজনে এতিয়া হেলমেট পৰিধান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি সমালোচনা কৰিছে বিৰোধীয়ে।

অনুষ্ঠানত ভাষণ দি বিজেপি নেতাগৰাকীয়ে কয়, “সুপেলাত মোৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হৈছিল। কিন্তু, শিলগুটি নিক্ষেপ কৰা সকলে পাহৰি গ’ল যে তেওঁলোকে কেৱল মোৰ ওপৰত নহয়, ছত্তীশগড়ৰ জনসাধাৰণৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে।”