কোৰাণৰ সৈতে কোনো সম্পৰ্ক নাই জেহাদী বা আতংকবাদীৰঃ মুফটি মকিবুৰ ৰহমান

নিউজ ডেস্কঃ কোৰাণ, হাদিছ বা ইছলামৰ লগত কোনো সম্পৰ্ক নাই জেহাদী বা আতংকবাদীৰ। -এই মন্তব্য অসমৰ ইছলামিক নেতা মুফটি মকিবুৰ ৰহমানৰ।

ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সৈতে ইছলামিক সংগঠনৰ প্ৰতিনিধিৰ বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি মুফটি মকিবুৰ ৰহমানে কয় যে আতংকবাদী বা জেহাদী নিজেই এটা পৃথক ধৰ্ম হৈ পৰিছে, যাৰ কোৰাণ বা ইছলামৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই।

যিজন মুছলমানে কোৰাণ পঢ়ে, তেওঁ কেতিয়াও জেহাদী হ’ব নোৱাৰে বুলিও মন্তব্য কৰে মুফটি মকিবুৰ ৰহমানে। আনহাতে অসমৰ যিসকল মুছলমান যুৱক-যুৱতীয়ে বাহিৰত থাকে, তেওঁলোকৰ ওপৰত পিতৃ-মাতৃয়ে চোকা দৃষ্টি ৰাখিব লাগে বুলিও আহ্বান জনায় ইছলামিক নেতাগৰাকীয়ে।

অসমলৈ বাহিৰৰ পৰা অহা প্ৰত্যেকজন মানুহৰ ওপৰত চোকা দৃষ্টি ৰাখি এই সম্পৰ্কে অসম চৰকাৰ, ডিজিপি বা স্থানীয় আৰক্ষী অধীক্ষকক অৱগত কৰিব বুলিও মন্তব্য কৰে মুফটি মকিবুৰ ৰহমানে।

আনহাতে যিসকল ব্যক্তিগত মাদ্ৰাছা এতিয়াও কোনো সমিতিৰ লগত জড়িত নহয়, সেই সমূহ মাদ্ৰাছাক ৬ মাহৰ ভিতৰত একত্ৰিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুফটি মকিবুৰ ৰহমানে।