কোভিডত হেৰুৱাইছিল পিতৃক! নিজৰ বিয়াত পুনৰ পিতৃৰ সান্নিধ্য লাভ কৰি উচুপি উঠিল কন্যা, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ সন্তানৰ বাবে পিতৃ এক সাহসৰ নাম।

শৈশৱত আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকোৱাৰ পৰা ডাঙৰ হোৱাৰ পিছত সকলো আব্দাৰ, অভিমান বিনাস্বৰ্তে পালন কৰাজনেই পিতৃ। তাতে কন্যা সন্তানৰ সৈতে পিতৃৰ সম্পৰ্ক আনতকৈ অধিক মধুৰ হয়।

পিতৃ-কন্যাৰ এই অনন্য সম্পৰ্কৰ এক আৱেগিক ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

পিতৃক হেৰুওৱাৰ পিছতো এগৰাকী কন্যাই তেওঁৰ বিবাহৰ বিশেষ দিনটোত কাষতে পিতৃক পাই উচুপি উঠাৰ এই মৰ্মস্পৰ্শী ভিডিঅ’ই আবেগিক কৰি তুলিছে সকলোকে।

image 268
কোভিডত হেৰুৱাইছিল পিতৃক! নিজৰ বিয়াত পুনৰ পিতৃৰ সান্নিধ্য লাভ কৰি উচুপি উঠিল কন্যা, ভাইৰেল ভিডিঅ’ 4

এই দৃশ্য তামিলনাডুৰ কল্লাকুৰিচি জিলাৰ থানকানন্দল গাঁৱৰ। জানিব পৰা মতে, চলিত বৰ্ষৰ মাৰ্চ মাহত কোভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছিল ৫৬ বছৰীয়া চেলভাৰেজে।

চেলভাৰেজে জীয়াই থকা সময়ত তেওঁৰ কন্যাৰ বিয়াখন অতি ধুমধামেৰে আয়োজন কৰিব বিচাৰিছিল। সকলোতকৈ অধিক মৰমৰ আছিল তেওঁৰ জীয়াৰী। কিন্তু সেই সপোন পূৰণ হোৱাৰ পূৰ্বেই তেওঁ স্বৰ্গগামী হয়।

image 267
কোভিডত হেৰুৱাইছিল পিতৃক! নিজৰ বিয়াত পুনৰ পিতৃৰ সান্নিধ্য লাভ কৰি উচুপি উঠিল কন্যা, ভাইৰেল ভিডিঅ’ 5

আনহাতে জুন মাহত বিবাহ পাশত আৱদ্ধ হয় চেলোৰেজৰ কন্যা।

বিয়াত যাতে তেওঁ পিতৃৰ অভাৱ অনুভৱ নকৰে, তাৰ বাবে জ্যেষ্ঠ ভাতৃ আৰু পৰিয়ালৰ আনসকল লোকে চেলভাৰেজৰ এটা মমৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি বিবাহ বাহৰত ৰাখে।

বিবাহস্থলীত পিতৃৰ প্ৰতিমূৰ্তিটো দেখিয়েই কান্দোনত ভাগি পৰে বিয়াৰ কইনা। পিতৃৰ প্ৰতিমূৰ্তিটোকে সাৱটি তেওঁ তেওঁৰ বিয়াত প্ৰয়াত পিতৃৰ উপস্থিতি অনুভৱ কৰে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পিতৃ-কন্যাৰ অনন্য বান্ধোনৰ এই ভিডিঅ’ই আবেগিক কৰি তুলিছে নেটিজেনকো।

ভিডিঅ’টো প্ৰত্যক্ষ কৰি সকলোৱে একেমুখে কৈছে- সঁচাই কন্যাৰ বাবে পিতৃৰ স্নেহ সকলোৰে উৰ্ধ্বত।

লগতে চাওকঃ

৩ কন্যা সন্তানৰ পিতৃয়ে বিচাৰিছিল এটা পুত্ৰ সন্তান! কিন্তু পত্নীয়ে জন্ম দিলে ৪টা দেৱশিশু

4 child born
কোভিডত হেৰুৱাইছিল পিতৃক! নিজৰ বিয়াত পুনৰ পিতৃৰ সান্নিধ্য লাভ কৰি উচুপি উঠিল কন্যা, ভাইৰেল ভিডিঅ’ 6