কোন চিকিৎসকৰ তত্বাৱধানত GNRCৰ ICUত চিকিৎসাৰ নাটক চলাইছিল ৰাজকন্যা বৰুৱাই?
এই সন্দৰ্ভত সকলোৰে মুখে মুখে প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে পোহৰলৈ আহিছে নতুন তথ্য।
এই সন্দৰ্ভত নাম সাঙোৰ খাইছে জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱাৰ নাম।
ইতিমধ্যে ৰাজকন্যা বৰুৱাৰ প্ৰেছক্ৰিপছনত নিউৰো ছাৰ্জন বিভাগত ডাঃ বৰুৱাই ভৰ্তি কৰোৱাইছিল বুলি জানিব পৰা গৈছে।
ইয়াৰোপৰি, মূৰত আঘাত পোৱা বুলি চিকিৎসালয়ত ভৰ্তি কৰি ৰাখিছিল ৰাজকন্যাক।
এই সন্দৰ্ভত শীঘ্ৰেই চিকিৎসকজনকো আৰক্ষীয়ে চমন জাৰি কৰাৰ সম্ভাৱনা আছে।
ৰাজকন্যা শাৰীৰিক অসুস্থতাৰ ভুৱা মেডিকেল ৰিপোৰ্ট দিয়াৰ বাবদ IPC Section 193 প্ৰয়োগেৰে গ্ৰেপ্তাৰ হ’ব পাৰে চিকিৎসকগৰাকী।