fbpx
অসম

কোনে দখল কৰিব গুৱাহাটী পৌৰনিগম? ৮বজাৰ লগে লগে আৰম্ভ ভোটগণনা…

আজি ঘোষণা কৰা হ’ব গুৱাহাটী পোৰনিগমৰ নিৰ্বাচন।

আজি ভাগ্য নিৰ্ণয় হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ১৯৭ গৰাকী প্ৰাৰ্থীৰ।

তাৰ ভিতৰত বিজেপিৰ ৫০ গৰাকী, কংগ্ৰেছৰ ৫৪ গৰাকী, অসম গণ পৰিষদৰ ৭ গৰাকী, AAPৰ ৩৮ গৰাকী, অসম জাতীয় পৰিষদৰ ২৫ গৰাকী, CPIMৰ ৪ গৰাকী আৰু নিৰ্দলীয়সহ অন্যান্য দলৰ প্ৰাৰ্থী আছে ১৯ গৰাকী।

পুৱা ৮ বজাৰ পৰা মহানগৰীৰ মনিৰাম দেৱান ট্ৰেড চেন্টাৰত স্থাপন কৰা গণনা কক্ষত হ’ব ভোট গণনা।

৬খন টেবুলত প্ৰথমে আৰম্ভ হৈছে ভোট গণনা।

মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছিল এই নিৰ্বাচন। ইতিমধ্যে ৩টা ৱাৰ্ডত জয়ী হৈছে বিজেপি।

যোৱা ২২ এপ্ৰিলত মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৭ টা ৱাৰ্ডত নিজৰ ভোটদান সাব্যস্ত কৰিছিল মহানগৰীৰ ৫২.৮০ শতাংশ ভোটাৰে।

এইবাৰ প্ৰায় ৯ বছৰৰ পিছত অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰসভা নিৰ্বাচন।

১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই নিৰ্বাচনত এইবাৰ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে EVM।

অসমৰ ৰাজনীতিত সম্প্ৰতি বিজেপি মিত্ৰজোঁটৰ বিজয়ধ্বজাৰ আগত কংগ্ৰেছ ম্লান যদিও ৩৮ গৰাকী প্ৰাৰ্থী দি আম আদমী পাৰ্টীয়ে কৰিছে বিশেষ ফলাফলৰ আশা।

ইফালে এতিয়ালৈকে আৰম্ভ হোৱা নাই ই ভি এমৰ ভোটগণনা। কাউন্টিং হললৈ অনা হোৱা নাই ই ভি এম মেচিনসমূহ।


Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!