কোটি কোটি টকাৰ কৰ ফাঁকি দি ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান, প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ

নিউজ ডেস্কঃ কোটি কোটি টকাৰ কৰ ফাঁকি দি অবাধ ব্যৱসায় চলাই থকা দুটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবাটাও ঠিকনাত অভিযান চলাই বুজন পৰিমাণৰ নগদ ধন আৰু সোণ-হীৰাৰ দৰে মূল্যবান সম্পত্তি জব্দ কৰে আয়কৰ বিভাগে।

বৃহস্পতিবাৰে আয়কৰ বিভাগে মহাৰাষ্ট্ৰৰ জালনা আৰু ঔৰাংগাবাদৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰে ৩৯০ কোটি টকাৰ সম্পত্তি। আয়কৰ বিভাগৰ এই অভিযানৰ সময়ত জব্দ হয় ৫৮ কোটি টকা নগদ ধনৰ লগত ৩২ কেজি সোণ।

photo1660284735
কোটি কোটি টকাৰ কৰ ফাঁকি দি ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান, প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ 4

ইফালে জব্দকৃত বেনামী সম্পত্তিৰ ভিতৰত হীৰা আৰু অন্যান্য মূল্যৱান মণি-মুকুতাও আছে বুলি জানিব পৰা গৈছে। আয়কৰৰ বিষয়াসকলে আন বহু পৰিমাণৰ সম্পত্তিৰ নথিও জব্দ কৰে।

আয়কৰ বিভাগৰ সূত্ৰই জনোৱা মতে, যোৱা ১ আগষ্টৰ পৰা ৮ আগষ্টলৈ মহাৰাষ্ট্ৰৰ দুটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবাটাও ঠিকনাত অভিযান চলাই এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্য সা-সম্পত্তি জব্দ কৰা হৈছে।

photo1660284742
কোটি কোটি টকাৰ কৰ ফাঁকি দি ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান, প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ 5

উল্লেখ্য যে, ব্যৱসায়িক প্ৰতিষ্ঠান দুটাই কৰ ফাঁকি দিয়াৰ নিশ্চিত তথ্য লাভ কৰাৰ পিছতে আয়কৰ বিভাগৰ নাছিক শাখাৰ উদ্যোগত ২৬০ জন সদস্যৰ ৫টা অভিযানকাৰী দল গঠন কৰি বিভিন্ন স্থানত অভিযান চলোৱা হয়। এই অভিযানত ব্যৱহাৰ হয় ১২০ খনৰো অধিক গাড়ী।

জানিব পৰা মতে, কৰ ফাঁকি গোচৰৰ সৈতে জড়িত এই দুট প্ৰতিষ্ঠান তীখা, বস্ত্ৰ আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ৰ সৈতে জড়িত। জালনাত উদ্ধাৰ হোৱা ধনৰাশি স্থানীয় ষ্টেট বেংকৰ শাখালৈ নি গণা হয়।

photo1660284746
কোটি কোটি টকাৰ কৰ ফাঁকি দি ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান, প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি জব্দ 6

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ কাণপুৰৰ ব্যৱসায়ী পীযূষ জৈনৰ বাসগৃহৰ পৰাও কেন্দ্ৰীয় সংস্থাই উদ্ধাৰ কৰিছিল ১৯৭ কোটি নগদ টকা। ইপিনে ওড়িশাৰ কটকৰ বাণিজ্যিক কৰ আৰু জি এছ টিৰ অতিৰিক্ত আয়ুক্ত পীযূষকান্ত পানিৰ বাসগৃহত সোমবাৰে তালাচী চলায় ওড়িশা তদাৰকী শাখাই।

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগৰ পাচতে তদাৰকী শাখাই অভিযান চলাই বিষয়াজনৰ পৰা কেইবাকোটি টকাৰ সম্পত্তি আৰু ৬ খন বিলাসী গাড়ী জব্দ কৰে।