কোকৰাঝাৰ জিলা পৰিবহণ বিষয়াসহ আন ৩ বিষয়াক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ…

কোকৰাঝাৰৰ পৰিবহণ বিষয়াসহ আন ৩ কৰ্মচাৰী আৰক্ষীৰ জালত।
কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কোকৰাঝাৰৰ ভাৰপ্ৰাপ্ত পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীসহ তিনি বিষয়া ৰিচাৰ্ড মুছাহাৰী, মনোজ বসুমতাৰী আৰু সোভিক দে’ক।
অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গেটত ছিণ্ডিকেট বাহিনীৰ সৈতে মিলিত থকাৰ অভিযোগৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে নিশা অভিযান চলাই ৩৬ লাখ টকাসহ গ্ৰেপ্তাৰ কৰে পৰিবহণ বিষয়া সামেশ্বৰ ব্ৰহ্ম মুছাহাৰীক।
দীৰ্ঘদিন ধৰি বিভিন্ন অপৰাধজনিত কৰ্মত লিপ্ত হৈ ধন সংগ্ৰহৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে।
তাৰ পিছত বৃহস্পতিবাৰে গোসাঁইগাওঁ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক। আৰক্ষী জিম্মাৰ দুদিনৰ অন্ততঃ আজি সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক আদালতত হাজিৰ কৰোৱা হয়।
উল্লেখযোগ্য যে, আৰক্ষীয়ে জিম্মাত বিচৰা নাই সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ লগতে তেওঁৰ তিনি সহযোগীক।
গোসাঁইগাওঁ মহকুমা আদালতে চাৰিও জনকে জামিনৰ আবেদন নাকচ কৰি ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।