কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ

নিউজ ডেস্ক। কোকৰাঝাৰৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, তিনি পাষণ্ডক ফাঁচীৰ শাস্তি।

অৱশেষত ন্যায় পালে কোকৰাঝাৰত দলবদ্ধ ধৰ্ষণকাণ্ডৰ বলি হোৱা দুই ভগ্নীৰ পৰিয়ালে।

সম্পূৰ্ণ ১০ মাহৰ পিছত কোকৰাঝাৰৰ অভয়াখুঁটিৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি অপৰাধীক ফাঁচীৰ ৰায় প্ৰদান কৰিলে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

G3 7
কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ 5

উল্লেখ্য যে, ২০২১ৰ ১০ জনত দুগৰাকী জনজতীয় সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ৩ পাষণ্ডই। কিশোৰী দুগৰাকীৰ ধৰ্ষণকাণ্ড পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।

p01
কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ 6

আনকি খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ১৩ জুনত কিশোৰী দুগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এছআইটি কমিটি গঠন কৰি ঘটনাৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে এই লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযোগত মুঠ ৭ জনক আটক কৰে যদিও পৰৱৰ্তী সময়ত ৪ জনক দোষমুক্ত ঘোষণা কৰে আদালতে।

p9
কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ 7

আনহাতে বাকী তিনিজন ক্ৰমে- ফৰিজুল ৰহমান (২২), মোজাম্মেল শ্বেখ (২০) আৰু নাজিবুল আলী শ্বেখ (১৯)ক কোকৰাঝাৰ সদৰ থানাৰ গোচৰ নং ৪৪০/২১ৰ অধীনত গ্ৰেপ্তাৰ কৰি ক্ষীপ্ৰ গতিত তদন্ত আগবঢ়োৱা হয়। জানিব পৰা মতে, অভিযুক্ত তিনিওজনেই কোকৰাঝাৰাৰ শালবাৰীৰ বাসিন্দা।

পৰৱৰ্তী সময়ত অৰ্থাৎ ৬ এপ্ৰিলত আটাইকেইজন অভিযুক্তক ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/৩৭৬(এ)/৩৭৬(ডি)/৩৭৬(ডি)(এ)আইপিচি আৰু আৰ/ডব্লিউ ছেকচন ৬ পস্ক’ এক্টৰ লগতে আৰ/ডব্লিউ ছেকচন ৩ (১)(ডব্লিউ)/৩(২)(৫) এছচি/এছটি প্ৰিভেনছন এক্ট ১৯৮১ মৰ্মে দোষী সাব্যস্ত কৰে কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ চি চতুৰ্বেদীয়ে।

ইফালে শুকুৰবাৰে গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি তিনিওজনকে ফাঁচীৰ নিৰ্দেশ দিছে আদালতে। আদালতৰ এই ৰায়ৰ পিছতে কিশোৰী দুগৰাকীৰ পৰিয়ালে অসম চৰকাৰৰ লগতে আদালতক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে ৯ মাহৰ ভিতৰত ধৰ্ষণকাণ্ডৰ ৰায় প্ৰদান কৰাৰ বাবে আনন্দ ব্যক্ত কৰিছে অসমবাসীয়েও।

ধৰ্ষণকাৰীৰ বিৰুদ্ধে এনে দৃষ্টান্তমূলক শাস্তিয়ে আগন্তুক সময়ত এনে অপৰাধ প্ৰতিৰোধ কৰিবলৈ সক্ষম হব বুলি আশা ব্যক্ত কৰিছে সচেতন মহলে।

লগতে চাওকঃ

একেলগে জ্বলি উঠিল ৩ বন্ধুৰ চিতা! এমাহ পূৰ্বে বিয়াত বহা অংকনা এতিয়া হৈ পৰিছে দিকহাৰা

G7 1
কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ- হত্যাকাণ্ডৰ ৩ অপৰাধীক ফাঁচীৰ ৰায় আদালতৰ 8

Leave a Comment