
নিউজ ডেস্কঃ কোকৰাঝাৰৰ চেৰফাংগুৰি অঞ্চলত ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক গুলীওৱাৰ ঘটনাৰ আঁৰত জড়িত থকাৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এই গুলীবৰ্ষণ কাণ্ডৰ আঁৰত নিষিদ্ধ ঘোষিত সংগঠন কেএলঅ’ জড়িত থকাৰ তথ্য নিশ্চিত কৰি আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত ৬ জনক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে, শনিবাৰে নিশা প্ৰায় ৮.৩০ বজাত নাৰাবাৰীত সুনীল মণ্ডলে তেওঁৰ গেলামাল দোকানত বহি থকাৰ সময়তে বাইকত অহা দুজন আততায়ীয়ে তেওঁৰ ওপৰত গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল।

এই আক্ৰমণৰ ঘটনাত ব্যৱসায়ী সুনীল মণ্ডলৰ বুকুত গুলী লাগি গুৰুতৰভাৱে আহত হয় আৰু বৰ্তমান তেওঁ বঙাইগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে।
ইফালে এই লোমহৰ্ষক কাণ্ডৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্রতীক বিজয় কুমাৰ থুবেয়ে শনিবাৰে্ই ঘটনাাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

ঘটনাৰ অনুসন্ধান চলাই দেওবাৰে আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, নিষিদ্ধ ঘোষিত সংগঠন কে এল অ’ৰ ম্যানমাৰত আত্মগোপন কৰি থকা দুৰ্ধৰ্ষ নেতা পাৰ্থপ্ৰতিম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ নিৰ্দেশতে এই আক্ৰমণ সংঘটিত কৰা হৈছিল।
আৰক্ষীৰ মতে সম্প্ৰতি ম্যানমাৰত থকা কে এল অ’ৰ নেতা পার্থপ্রতিম বৰ্মনে দিয়া নিৰ্দেশ অনুসৰি নিতু ৰায় নামৰ কেএলঅ’ৰ সদস্যজনে ব্যৱসায়ী সুনীল মণ্ডলৰ ওপৰত আক্ৰমণ চলাইছিল।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত থকাৰ অভিযোগত মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে দুৰ্ধৰ্ষ নেতা পাৰ্থপ্ৰতিম বৰ্মন ওৰফে বাপ্পাৰ ভগ্নী তথা কোকৰাঝাৰৰ মডেল নৱনীতা বৰ্মন ব’থ্ৰা আৰু তেওঁৰ স্বামী বিকাশ ব’থ্ৰাও।

তদুপৰি আৰক্ষীয়ে সুনীল মণ্ডলৰ ওপৰত আক্ৰমণ সংঘটিত কৰ নিতু ৰায়ৰ ভাতৃ গৌৰ চন্দ্ৰ ৰায় (৩৮), প্ৰাক্তন কেএলঅ’ৰ সদস্য নিৰ্মল ৰায় (৩২)ৰ লগতে উত্তম ৰায় আৰু মৃদুল ৰায় নামৰ লোক কেইজনকো গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰই সদী কৰা মতে, দুৰ্ধৰ্ষ কেএলঅ’ নেতা তথা আক্ৰমণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড পাৰ্থপ্ৰতিম বৰ্মনে সঘনাই ভগ্নী আৰু ভনীজোঁৱাইৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিল। তদুপৰি প্ৰাক্তন প্ৰাক্তন কেএলঅ’ নেতা নিৰ্মল ৰায়ৰ সৈতে যোগাযোগ হৈ আহিছিল পাৰ্থপ্ৰতিম বৰ্মনৰ।
এনে পৰিপ্ৰেক্ষিততে নৱনীতা বৰ্মন ব’থ্ৰা আৰু বিকাশ ব’থ্ৰাৰ লগতে নিৰ্মল ৰায়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে।
কোকৰাঝাৰ আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/১২১ (এ)/১২২/৩২৩/৩০৭/৩৮৪/৩৮৭ আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ২৭(১এ) তথা ২৭ (১বি) ধাৰাৰ অধীনত ২৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰিছে।