fbpx
আন্তঃৰাষ্ট্ৰীয়

কেৱল মৃত্যুৰ কিৰীলি! এইবাৰ ফ্ৰীজত ওলাল ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা…

চাৰিওফালে কেৱল হত্যা আৰু হিংসাৰ খবৰ!

কৰ’বাত স্বামীয়ে যদি পত্নীক হত্যা কৰিছে আন কৰ’বাত আকো পত্নীয়ে হাতত মৃত্যুক সাৱটিছে স্বামীয়ে।

হিংসা, হত্যাৰ ক্ষেত্ৰত পিছপৰি ৰোৱা অসমতো শেহতীয়াকৈ সংঘটিত হ’বলৈ লৈছে এনে ঘটনা । সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বন্দনা কলিতাৰ কাণ্ডই প্ৰতিদিনেই লৈছে নতুন ৰূপ । অব্যাহত আছে তদন্ত ।

তাৰেই মাজতে এইবাৰ ফ্ৰীজত ওলাল এগৰাকী ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা। এই খবৰ হংকঙৰ।

স্বামীয়ে হত্যা কৰি মৃতদেহৰ অংশ ফ্ৰীজত লুকুৱাই ৰাখিলে ২৮ বছৰীয়া এগৰাকী মডেলৰ।

উল্লেখ্য যে, হংকঙৰ ২৮ বছৰীয়া মডেল ‘আবি চয়’ক বিগত বুধবাৰে অন্তিমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল পূৰ্বৰ স্বামীৰ ভাতৃয়ে।

তাৰ পাছতেই সন্ধানহীন হৈ আছিল মডেল গৰাকী। ৰবিবাৰে হংকং আৰক্ষীয়ে এখন গাঁৱত উদ্ধাৰ কৰে দুৰ্ভগীয়া আবি চয়ৰ শৰীৰৰ কিছু অংশ।

আনহাতে, আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে পূৰ্বৰ স্বামীৰ ভাতৃ আৰু পিতৃ-মাতৃক। পলাতক অৱস্থাত আছে স্বামী।

Related Articles

Back to top button