নিউজ ডেস্কঃ ভাগ্য সলনি হ’ল অসমৰ পৰা গৈ কেৰালাত এগৰাকী অভিনেতাৰ বাসগৃহত সহায়ক হিচাপে কাম কৰা এজন যুৱকৰ।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেৰালাৰ অন্যতম গ্ৰীষ্মকালীন বাম্পাৰ লটাৰীত প্ৰথম পুৰস্কাৰ লাভ কৰি নিশাটোৰ ভিতৰতে কোটিপতি হৈ পৰিল অসমৰ এই যুৱকজনৰ।
এই যুৱকজনৰ নাম এলবাৰ্ট টিগা।
ডিব্ৰুগড় জিলাৰ বাসিন্দা এলবাৰ্ট কৰ্মৰ সন্ধানত ১৯৯৫ চনত কেৰালালৈ গৈছিল।
তাতেই তেওঁ চলচ্ছিত্ৰ অভিনেত্ৰী ৰজনী চাণ্ডীৰ বাসগৃহত সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। বিগত কেইবা বছৰো ধৰি মালায়লম অভিনেত্ৰীগৰাকীৰ ঘৰত নিষ্ঠাৰে কাম কৰি আহিছে এলবাৰ্টে।
শেহতীয়াকৈ ১৯ মাৰ্চত তিৰুৱান্তপুৰমৰ গৰ্কি ভৱনত অনুষ্ঠিত হোৱা গেৰালা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰী বি আৰ-৯০ৰ এটা টিকট ২৫০ টকাৰে ক্ৰয় কৰিছিল এলবাৰ্টে।

লটাৰী এজেন্সীৰ পৰা ক্ৰয় কৰা এছই ২২২২৮২ নম্বৰৰ এই টিকটটোৱেই ভাগ্য সলনি কৰে অসমৰ সাধাৰণ যুৱকজনৰ।
লটাৰীৰ প্ৰথম পুৰস্কাৰ ১০ কোটি টকা লাভ কৰাৰ বিষয়ে তেওঁক দেওবাৰে সন্ধিয়া অৱগত কৰে খেল কৰ্তৃপক্ষই।
লটাৰীত পুৰস্কাৰ জয়ৰ এই খবৰ লাভ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে এলবাৰ্ট।
ভাগ্যৱান যুৱকজনে ইতিমধ্যে কোচিৰ বেংক এটাত টিকট জমা দি পুৰস্কাৰ দাবীৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে।

অভিনেত্ৰী ৰজনী চাণ্ডী
ইফালে ঘৰুৱা সহায়ক এলবাৰ্ট টিগায়ে এই পুৰস্কাৰ লাভ কৰাত আনন্দ ব্যক্ত কৰি অভিনেত্ৰী ৰজনী চাণ্ডীয়ে কয় যে এলবাৰ্ট নিষ্ঠাবান আৰু কঠোৰ পৰিশ্ৰমী।
উল্লেখ্য যে, কেৰালা গ্ৰীষ্মকালীন বাম্পাৰ লটাৰীত প্ৰথম পুৰস্কাৰ ১০ কোটি টকা হোৱাৰ বিপৰীতে দ্বিতীয় পুৰস্কাৰ আছিল ৫০ লাখ টকা। আনহাতে খেলখনৰ তৃতীয় পুৰস্কাৰ আছিল ৫ লাখ টকা।
লগতে পঢ়কঃ
