কেৰালাত দেহ ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ অসমৰ ৫ যুৱতী, গ্ৰেপ্তাৰ মহিলা সহ তিনিজনক…

চাকৰি দিয়া প্ৰলোভনেৰে কেৰেলাত দেহ ব্যৱসায়ত জড়িত কৰা পাঁচ গৰাকী যুবতীক উদ্ধাৰ নগাঁও আৰক্ষীৰ।

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে নাৰী সৰবৰাহকাৰী চক্রই সুদূৰ কেৰালালৈ নিয়া পাঁচ যুৱতীক নগাঁও আৰক্ষীয়ে কেৰালাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

লগতে এগৰাকী মহিলা সহ দুজন যুবকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা মহিলা গৰাকী হৈছে কচুৱাৰ আইনা বিবি (৪০)৷ আনহাতে যুৱক দুজন হৈছে হোজাইৰ দিলোৱাৰ হুছেইন (২৪) , নগাঁৱৰ ৰৌমাৰীৰ আলি আকবৰ(৩২)৷

উদ্ধাৰ হোৱা যুবতী পাঁচ গৰাকীৰ ভিতৰত দুগৰাকী নগাঁৱৰ আৰু এগৰাকী কৈ শোনিতপুৰ, হোজাই আৰু মৰিগাঁৱৰ।

নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কেৰালাৰ ত্ৰিবান্দ্ৰম জিলাৰ পৰা ৫ যুৱতীক উদ্ধাৰ কৰে।

লগতে চাওকঃ বিবাহৰ ৫ মাহৰ পিছত পত্নীক প্ৰাক্তন প্ৰেমিকৰ সৈতে বিবাহ কৰাই দিলে স্বামীয়ে!

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে দহদিনীয়া অভিযানৰ অন্তত নগাঁও আৰক্ষীয়ে এই অভিযানৰ সফলতা লাভ কৰিছে।

উদ্ধাৰ হোৱা পাঁচো গৰাকীক চাকৰি দিয়া নামত প্ৰলোভিত কৰি কেৰেলালৈ লৈ গৈছিল আলি আকবৰ আৰু দিলোৱাৰ হুছেইনে৷ পিছত কেৰেলাৰ ত্ৰিবান্দপুৰমৰ ৰেলুৱৈ স্টেচনৰ ওচৰত লজ ভাড়ালৈ লৈ দেহ ব্যৱসায় কৰা আইনা বিবিক বিক্ৰি কৰে যুবতী পাঁচোগৰাকীক।

নগাঁও সদৰ থানাত এই সন্দৰ্ভত ৰুজু হোৱা ১৯৮৭/২০২১ নম্বৰৰ গোচৰৰ আঁত ধৰি  উপ–আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ দলে কেৰালাৰ আৰক্ষীৰ  সহযোগত এই সফলতা লাভ কৰে।

নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে, এই নাৰী সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকা হ’ল আইনা বিবি। এইগৰাকী মহিলাই অসমৰ বিভিন্ন জিলাৰ পৰা চাকৰি আৰু কাম দিয়াৰ প্ৰলোভনেৰে কেৰালাকে ধৰি বিভিন্ন ৰাজ্যলৈ যুৱতী সৰবৰাহ কৰি আহিছে।

Leave a Comment