Skip to toolbar
Mon. Sep 21st, 2020

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ এক মন্তব্যৰ পিছতে এতিয়া তুমুল বিতৰ্কৰ সৃষ্টি হৈছে পাকিস্তানত।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে কয়- ‘কেমিকেল প্ৰয়োগ কৰি ধৰ্ষণকাৰীক নপুংসক কৰি দিয়া উচিত।’

কিছুদিন পূৰ্বে পাকিস্তানৰ লাহোৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্তানৰ সন্মুখতে এগৰাকী ফৰাচী মহিলাক ধৰ্ষণ কৰা ধৰ্ষণকাৰীৰ পক্ষ লোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই মন্তব্য কৰিছে।

ইমৰাণ খানে কয়, ‘এই ধৰণৰ জঘন্য যৌন অপৰাধীক ফাঁচি দিয়া উচিত। কিন্তু, এই পদক্ষেপ ল’লে বিদেশী ৰাষ্ট্ৰৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পৰিব। আন্তৰ্জাতিক সম্প্ৰদায়ৰ ক্ষোভৰ সন্মুখীন হ’ব লাগিব। কাৰণ, ইউৰোপীয় ইউনিয়নৰ লগতে অন্যান্য আন্তৰ্জাতিক সংঘসমূহে মৃত্যুদণ্ডৰ বিৰোধিতা কৰে।’

‘আমি ভাবো এই ধৰণৰ অপৰাধীবোৰক কেমিকেল প্ৰয়োগ কৰি যৌন ক্ষমতা নষ্ট কৰি দিয়া উচিত। বিশ্বৰ বহু দেশে এই শাস্তি দিয়ে বুলি মই পঢ়িবলৈ পাইছো বুলি ইমৰাণ খানে মন্তব্য কৰে।