কেবিনেট বৈঠকঃ তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইংৰাজীত পঢ়িব লাগিব অংক আৰু বিজ্ঞান বিষয়…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদ মেল যোগে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰনোজ পেগুই।

কেবিনেটত স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সেই অনুসৰি,

এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অংক আৰু বিজ্ঞান ইংৰাজী ভাষাত পাঠদান হ’ব।

ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে সকলো মাধ্যমিক পৰ্যায়ত ছোৱালী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত।

অংগনবাড়ীৰ ২টা শ্ৰেণী আৰু প্ৰাথমিক শ্ৰেণীত থকা ৩টা শ্ৰেণী মাতৃভাষা ত পাঠদানকৰা হ’ব।

মাধ্যমিক পৰ্যায়ত ৫+১ বিষয় থাকে, সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক শিক্ষাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব। তাৰ ঠাইত ভূগোল আৰু বুৰঞ্জী বিষয় দুটা সন্নিৱিষ্ট কৰা হ’ব।

ব্যক্তিগত বিদ্যালয়ৰ বাবে মাচুল নিয়ন্ত্ৰক ব্যৱস্থা এটা আছে। ১৮০০ খন বিদ্যালয়ে পঞ্জীয়ণ কৰিছে আৰু বাকীবোৰে কৰা নাই। সময়মতে নকৰিলে ১০ হাজাৰ টকা জৰিমণা আৰু পলমকৈ কৰিলে ৫০০০ টকা ধাৰ্য কৰা হৈছে।

OBC চাৰ্টিফিকেট এতিয়াৰ পৰা আসাম মৰাণ সভাই দিব পাৰিব।

এতিয়াৰ পৰা জলাহ গোষ্ঠীক OBC প্ৰমাণ পত্ৰ দিয়াহ’ব। জলাহ জনগোষ্ঠীটো চাহ বাগানৰ সৈতে জড়িত হৈ আছিল আৰু MOBCহিচাপে চিনাক্ত হৈ আহিছিল।

মৰিগাঁও মেডিকেল কলেজৰ বাবে ১৪৭ কোটি টকা অতিৰিক্তভাৱে ধাৰ্য।

গোলাঘাট মেডিকেল কলেজৰ বাবে ১৪৮ কোটিতকৈ বেছি টকা অতিৰিক্তভাৱে ধাৰ্য।

প্ৰত্যেকখন নিৰ্মীয়মান মেডিকেল কলেজ অধিক আধুনিক কৰাৰ বাবে এই পদক্ষেপ।

৫ আগষ্ট দিনটো লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত লোককল্যাণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত কেবিনেটত।

অসমৰ ববে নতুন পৰ্যটন পলিচি গ্ৰহণ কৰা হৈছে। দীৰ্ঘম্যাদী উন্নয়নৰ ওপৰত লক্ষ্য ৰাখি নতুন পৰ্যটন নীতি গ্ৰহণ কৰা হ’ল।

চাহ বাগানসমূহত পৰ্যটন বঢ়োৱাৰ বাবে ৫০ খন বাগানৰ বাংলো ইত্যাদিৰ উন্নয়নৰ বাবে ২ কোটি টকাকৈ সৰ্বাধিক ১০০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত।

মানাহৰ গাছবাৰীৰ জিঞ্জাৰ গ্ৰুপৰ হোটেলৰ পৰ্যায়লৈ উন্নীতকৰণ হ’ব।

ইণ্ডিয়ান হোটেল কোম্পানীৰ সৈতে অসম পৰ্যটন বিভাগে এই হোটেল নিৰ্মাণ কৰিব।