কেবিনেট বৈঠকঃ জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত থকা জটিলতা হ্ৰাসৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ…

শনিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি সবিশেষ সদৰি কৰে।

ৰাজ্য চৰকাৰৰ কেবিনেটত MPW সকলৰ বাবে ভাল খবৰ।

MPW সকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত।

পৌৰ নিগম অঞ্চলৰ অধীনত নিজৰ ৪৩২০ বৰ্গ ফুট ভূমিৰ তলত থাকিলেহে লাভ কৰিব EWS প্ৰমাণ পত্ৰ।

অন্যথা নাপাব EWS প্ৰমাণ পত্ৰ।

জাতিগত প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত থকা জটিলতা হ্ৰাসৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

পিতৃ-মাতৃৰ প্ৰমাণ পত্ৰৰ আধাৰতে প্ৰদান কৰা হ’ব জাতিগত প্ৰমাণ পত্ৰ।

জাতিগত প্ৰমাণ পত্ৰৰ বাবে ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব তদন্ত।

আনকি নৱম, দশম শ্ৰেণীত বিদ্যালয়ত গৈ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিব।

শৰণীয়া কছাৰী সকলক লৈ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

শৰণীয়া সকলে এতিয়াৰ পৰা শৰণীয়া কছাৰী, শৰণীয়া সোণোৱাল ৰূপে প্ৰমাণ পত্ৰ লাভ কৰিব।

বাগিছা অঞ্চলত আৰম্ভ হ’ব হাইস্কুল শিক্ষা। অহা ব’হাগ বিহুৰ পিছৰ পৰা আৰম্ভ হ’ব পাঠ্যক্ৰম। 

চাহ বাগিচা এলেকাৰ ৯৭খন হাইস্কুলত চলিত মাহৰ পৰাই পাঠদান।

অহা দুমাহৰ ভিতৰত ৭৫৫ গৰাকী শিক্ষকক নিয়োগ হব বাগিছা অঞ্চলত।

১৩খন নতুন মডেল স্কুল স্থাপনত অনুমোদন চৰকাৰৰ।

CBSEৰ অধীনত পাঠদান হ’ব মডেল স্কুলসমূহত।

ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি নাৱাৰ্ডৰ ১৭০ কোটি ১৫ লাখ টকীয়া ঋণ গ্ৰহণ।

নাৱাৰ্ডৰ ঋণেৰে ১৫ খন আঁচনি আৰু চাৰিখন গাওঁ অঞ্চলত দলং নিৰ্মাণ।

Leave a Comment