
নিউজ ডেস্ক। নতুন বছৰত অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিলে দুগৰাকী অসম সন্তানে।
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধীনস্থ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ CAPF (ACs) ৰ পৰীক্ষাত স্থান দখেলেৰে উজলিল পাঠশালাৰ ৰাতুল ৰয় আৰু তেজপুৰৰ নেহা বৰা।

তেজপুৰৰ যুৱতী নেহা বৰাই ৫২ সংখ্যক স্থান দখল কৰাৰ বিপৰীতে ৰাতুলে সৰ্বভাৰতীয় পৰ্যায়ত ১৭৭ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে।
এই ফলাফলক লৈ অত্যন্ত সুখী ৰাতুল ৰয়।

ধৈৰ্য আৰু নিষ্ঠা থাকিলে এই পৰীক্ষাত সকলোৱে উত্তীৰ্ণ হ’ব পাৰিব বুলিও প্ৰকাশ কৰিছে ৰাতুলে।
বৰ্তমান এপিএছচি পৰীক্ষাৰ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ৰাতুলে।

ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভমিক পৰীক্ষাতো উত্তীৰ্ণ হৈছে ৰাতুল ৰয়।
উল্লেখ্য যে তেজপুৰৰ নেহা বৰাৰ মাতৃ মীনা বৰাও এগৰাকী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৰ বিষয়া।

সম্প্ৰতি উত্তৰ প্ৰদেশৰ লক্নৌত কৰ্মৰত মীনা বৰা।
নিজ মাতৃক আদৰ্শ হিচাপে লৈ জীয়ৰী নেহা বৰাইও কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষীৰ বাহিনীত বিষয়া হিচাপে নিৰ্বাচিত হৈ পৰিয়ালৰ লগতে ৰাজ্যবাসীকাে গৌৰৱান্বিত কৰিছে।