অসম

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী বৈঠকঃ অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ আহ্বান

শুকুৰবাৰে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা।

অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত।

অসমৰ বান পৰিস্থিতিক ‘জটিল’ বুলি ঘোষণা কৰিবলৈ গৃহমন্ত্ৰীগৰাকীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে এছ ডি আৰ এফৰ পৰা লাভ কৰা ৩২৭ কোটি টকাৰ উপৰি এন ডি আৰ এফৰ ফাণ্ডৰ পৰাও টকা মুকলি কৰিবলৈ আহ্বান জনায় গৃহমন্ত্ৰী অমিত শ্বাহক।

মুখ্যমন্ত্ৰীয়ে ৩০ৰ পৰা ৫০ হাজাৰ লোকৰ ঘৰ ক্ষতিসাধন হোৱৰা কথা উল্লেখ কৰি আগষ্টৰ ভিতৰত SDRFৰ টকাৰে আমি সাহায্য দিম। SDRFৰ একাউণ্ট শূন্য হ’লে আমি NDRFৰ পৰা টকা পাম বুলি আশা ব্যক্ত কৰে।

Related Articles

Back to top button