কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে ১ কোটি টকাৰ দাবী কৰাৰ অভিযােগ! গােচৰ ৰুজু কৰিলে আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰে

কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে ১ কোটি টকাৰ দাবী কৰাৰ অভিযােগ! গােচৰ ৰুজু কৰিলে আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰে

December 29, 2020 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে উৎকােচ দাবীৰ অভিযোগ। এই অভিযোগ আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ ৱৰ্তিকা সিঙৰ। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আদালতত গোচৰ শ্বুটাৰ গৰাকীৰ।

শ্বুটাৰ ৱত্ৰিকা সিঙৰ দাবী- কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে তেওঁৰ দুজন ব্যক্তিগত সহায়কাৰীৰ হতুৱাই এখন ভুৱা পত্ৰ যোগে মোক কেন্দ্ৰীয় মহিলা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিবলৈ টকাৰ প্ৰলোভন বিচাৰে। তেওঁৰ সহায়ক দুজনৰ নাম বিজয় গুপ্তা আৰু ৰজনিশ সিং।

ব্যক্তি দুজনে প্ৰথমতে ১ কোটি টকা বিচাৰিছিল যদিও পিছলৈ এই পৰিমাণ কমি গৈ ২৫ লাখ দিবলৈ জনায়। এই সন্দৰ্ভত ৱৰ্তিকাৰ অধিবক্তাই কয় যে অহা ২ জানুৱাৰীত আদালতে শুনানিৰ দিন ঠিক কৰিছে, তাৰ পিছতহে এই গোচৰৰ আইনী প্ৰক্ৰিয়া চলোৱাৰ সিদ্ধান্ত লোৱা হব

ব্যক্তি দুজনৰ এজনে ৱৰ্তিকা অশ্লীল ইংগিটো প্ৰদান কৰে বুলি অভিযোগ কৰে।

ইপিনে, ব্যক্তি দুজনে এই অভিযোগ মিছা বুলি দাবী কৰি আৰক্ষী থানাত ৱৰ্তিকা সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আৰু এইয়া তেওঁলোকক সমাজৰ আগত হেয় প্ৰতিপন্ন কৰাৰ কৌশল বুলিও ভাত্ৰিকাৰ বিৰুদ্ধে অভিযোগ কৰে।

আৰক্ষীয়েও ৱৰ্তিকাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।