কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সিদ্ধান্ত- উত্তৰ-পূবত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পৰিসৰ হ্ৰাসৰ সিদ্ধান্ত…

AFSPAক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
উত্তৰ-পূবত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অঞ্চলৰ পৰিসৰ হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰৰ।
অসম, মণিপুৰ আৰু নাগালেণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এই সিদ্ধান্তৰ কথা সদৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।
টুইটাৰযোগে অমিত শ্বাহে প্ৰকাশ কৰি কয়-‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ড, অসম আৰু মণিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত থকা অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’
নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ-পূবৰ বিকাশৰ হকে গ্ৰহণ কৰি অহা ধাৰাবাহিক পদক্ষেপ আৰু উগ্ৰবাদী সমস্যা হ্ৰাস কৰাৰ বাবে কৰা চুক্তিৰ বাবে উন্নত হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লগতে উল্লেখ কৰে।
In a significant step, GoI under the decisive leadership of PM Shri @NarendraModi Ji has decided to reduce disturbed areas under Armed Forces Special Powers Act (AFSPA) in the states of Nagaland, Assam and Manipur after decades.
— Amit Shah (@AmitShah) March 31, 2022
উল্লেখযোগ্য যে নাগালেণ্ডৰ মন জিলাত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পেৰা কামাণ্ডোৱে সন্ত্ৰাসবাদীৰ সন্দেহত ১৪ জনকৈ সাধাৰণ নাগৰিকক হত্যা কৰিছিল।
এই ঘটনাৰ পিছতে সবল ৰূপত উত্থাপন হৈছিল AFSPA বাতিলৰ দাবী।
বিশেষকৈ অসম, মণিপুৰ আৰু নাগালেণ্ডত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী উঠিছিল।