অসমীয়াৰাশিফল

কেনে যাব আপোনাৰ বছৰৰ প্ৰথম দিনটো? চাওক আপোনাৰ দৈনিক ৰাশিফল…

দৈনিক ৰাশিফলঃ ১ জানুৱাৰী, দেওবাৰ, ২০২৩

মেষ ৰাশি- বছৰৰ প্ৰথম দিনটো আপোনাৰ বাবে সুখৰ হ’ব। হঠাৎ ধন লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলেও বিশেষ পদমৰ্যাদা লাভ কৰিব পাৰে। অৱশ্যে আজি খৰছৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰাখক। নতুন কোনো সম্পদ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। মাতৃৰ পৰা ধন লাভ কৰিব পাৰে। পত্নীৰ পৰা সমৰ্থন পাব।

বৃষ ৰাশি- বছৰৰ প্ৰথম দিনটো আপোনাৰ বাবে কিছু প্ৰত্যাহ্বানজনক হ’ব পাৰে। এফালে কৰ্মব্যস্ততা আৰু আনফালে পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে ইচ্ছাই আপোনাক বিচলিত কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো যদিও শুভ, তথাপিও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিয়ালৰ সকলোৰে সৈতে আলোচনা কৰক। আয় কম কিন্তু ব্যয় অধিক হ’ব। পত্নীৰ স্বাস্থ্যৰ যতন লওক।

মিথুন ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোত পাৰিলে আজি আপুনি বাহিৰত খাদ্য গ্ৰহণৰ পৰা বিৰত থকাই ভাল। সকলোৰে সৈতে মিলি চলিবলৈ সক্ষম হব। শৈক্ষিক কামত আজি আশাব্যঞ্জক সফলতা লাভ কৰিব পাৰিব। মাতৃৰ স্বাস্থ্যক লৈ মনটো অলপ চিন্তিত থাকিব যদিও নতুনত্বক আদৰাৰ উল্লাসে মন সুখী কৰি ৰাখিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

কৰ্কট ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোত ব্যৱসায় আপোনাৰ বাবে লাভজনক প্ৰমাণিত নহ’ব পাৰে। অনিচ্ছা সত্বেও ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। যাৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। ধন লাভ হ’ব ঠিকেই, কিন্তু ব্যয়ৰ সংগতি নথকাত আপোনাৰ জমাধন হ্ৰাস হ’ব পাৰে। শিশুৰ পৰা ভাললগা কিবা খবৰ লাভ কৰিব পাৰে। ঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে।

সিংহ ৰাশি- নতুন বছৰৰ আৰম্ভণি আপোনাৰ বাবে অতি সুখদায়ক হ’ব। আশা কৰা ধৰণে আজি আপুনি কৰ্মত সফলতা লাভ কৰিব পাৰিব। মাতৃৰ স্বাস্থ্যক লৈ অলপ চিন্তিত থাকিব। পিতৃৰ পৰা ধন লাভ কৰিব পাৰে। পুৰণি কোনো সম্পত্তিও আজি আপোনাৰ বাবে উপাৰ্জনৰ উৎস হ’ব পাৰে। শিক্ষাক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। পত্নীৰ সমৰ্থন লাভ কৰিব।

কন্যা ৰাশি- আশা কৰা ধৰণে আজি সফলতা লাভ কৰিব। পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হ’ব পাৰে, যাৰ বাবে মনটো অলপ দুখী হব। পাবলগীয়া ধন আজি লাভ কৰিব পাৰে। কাৰোবাৰ পৰা উপহাৰো আজি লাভ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবেও দিনটো শুভ প্ৰমাণিত হ’ব। পত্নীৰ পৰা ধন লাভ কৰিব পাৰে।

তুলা ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোত আপোনাৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অৱশ্যেই এই ভ্ৰমণ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। ব্যৱসায়ত বিনিয়োগ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ পৰা পৰামৰ্শ লওক। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কোনো এক সম্পদ আজি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে।

বৃশ্চিক ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোত আজি আপুনি শাৰীৰিকভাৱে সক্ৰিয় অনুভৱ নকৰিব পাৰে। হঠাৎ পুৰণি কোনো ৰোগৰ উত্থানে আপোনাক অশান্তি দিব পাৰে। পিতৃ-মাতৃৰ পৰা সহযোগিতা লাভ কৰিব। ভাতৃৰ সৈতে কোনো কথাত মতানৈক্য ঘটিব পাৰে। অৱশ্যে সন্ধিয়ালৈ সকলো স্বাভাৱিক হৈ যাব। বাহিৰত খাদ্য গ্ৰহণৰ পৰা পাৰিলে বিৰত থাকক।

ধনু ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোতে আপুনি এটা ভাল খবৰ লাভ কৰিব পাৰে। চাকৰি প্ৰত্যাশী সকলৰ বাবেও আজিৰ দিনটো অতি শুভ প্ৰমাণিত হ’ব। অৱশ্যে আজি ব্যৱসায়ত নজৰ নিদিলে লোকচান বৃদ্ধি পাব। বন্ধুৰ সমৰ্থনত কোনো এক জটিল সমস্যাৰ পৰা আপুনি সকাহ লাভ কৰিব। পত্নীৰ সৈতে কিছু সুখৰ মুহূৰ্ত পাৰ কৰাৰ সুযোগ পাব।

মকৰ ৰাশি- নতুন বছৰৰ প্ৰথম দিনটো আপোনাৰ বাবে আশাৰে ভৰা হ’বলৈ গৈ আছে। ৰাজনীতিৰ সৈতে জড়িত সকলে আজি কোনো এক বিশেষ দায়িত্ব লাভ কৰিব পাৰে। অৱশ্যে আজি যদি খং নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে সমাজত আপোনাৰ সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

কুম্ভ ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোত কিছু ভাবুক হ’ব পাৰে আপুনি। আবেগৰ দ্বাৰা গ্ৰহণ কৰা কোনো সিদ্ধান্তই আজি আপোনাৰ লোকচান কৰিব পাৰে। ধাৰলৈ দিয়া টকা লাভ কৰিব পাৰে। বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। মনত শান্তি থাকিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। পত্নীৰ সৈতে কোনো কাৰণত বিবাদ হ’ব পাৰে।

মীন ৰাশি- নতুন বছৰৰ প্ৰথম দিনটোত আপোনাৰ বিত্তীয় পৰিস্থিতি কিছু জটিল হ’ব পাৰে। অত্যাধিক খৰছে আপোনাৰ জমা ধন হ্ৰাস কৰিব পাৰে। ব্যৱসায়ত কাকো অন্ধভাৱে বিশ্বাস নকৰাই ভাল। আজি ধনৰ লেনদেনৰ পৰাও বিৰত থাকক। মাতৃৰ পৰা সহযোগিতা লাভ কৰিব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। দাম্পত্য সুখ বৃদ্ধি পাব।

Related Articles

Back to top button