
নিউজ ডেস্কঃ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে স্থগিত হৈ থকা স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ দিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কালত স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে অহা ছেপ্টেম্বৰ মাহৰ ৪ তাৰিখে অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা।
আনহাতে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পিছতে ছেপ্টেম্বৰৰ শেষৰফালে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা চলি আছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে বাৰিষাৰ বাবে ৰাজ্যৰ বহু পৰীক্ষাৰ দিন পিছুৱাবলগীয়া হৈছিল। সেয়েহে এতিয়াও বহু পৰীক্ষাৰ দিন জিলাসমূহৰ পৰা লাভ কৰা হোৱা নাই। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পিছতে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হব।