
নিউজ ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক সকিয়নী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত বুলি কোৱা মন্তব্যৰ বাবে কেজৰিৱালক প্ৰত্যাহ্বান অসমৰ মুখ্যমন্ত্ৰীগৰাকীক।
ভাৰতৰ যিকোনো এখন ৰাজ্যত তেওঁৰ বিৰুদ্ধে যদি এজাহাৰ দাখিল কৰা হৈ আছে, তেন্তে সেয়া কেজৰিৱালে দেখুৱাই দিয়ক বুলি প্ৰত্যাহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাই।
অসমলৈ আহি কেজৰিৱালে যদি মুখ্যমন্ত্ৰীগৰাকীক দুৰ্নীতিগ্ৰস্ত বুলি কয় তেন্তে তেওঁৰ বিৰুদ্ধে মানহানিক গোচৰ তৰিব বুলিও হুংকাৰ দিলে হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়, ‘কেজৰিৱালে বিধানসভাৰ ভিতৰত মোক দুৰ্নীতিগ্ৰস্ত বুলি কৈছে। মই তেওঁক প্ৰত্যাহ্বান জনাইছো যে ভাৰতৰ যিকোনো এখন ৰাজ্যত মোৰ বিৰুদ্ধে যদি কোনো গোচৰ ৰুজু হৈ আছে তেন্তে সেয়া তেওঁ দেখুৱাই দিয়ক।’
মু্খ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘কেজৰিৱালে যদি অসমলৈ আহি মোক দুৰ্নীতিগ্ৰস্ত বুলি কয়, তেন্তে মনীষ ছিছ’ডিয়াৰ বিৰুদ্ধে তৰাৰ দৰে মই তেওঁৰ বিৰুদ্ধেও মানহানিৰ গোচৰ তৰিম।’