অসম

কেগৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য প্ৰকাশ! এন আৰ চিৰ নামত লুন্ঠন শ শ কোটি টকা…

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ নামত ৰাজ্যত সংঘটিত হৈছিল ব্যাপক অনিয়ম আৰু লুণ্ঠন।

কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য।

শনিবাৰে বিধানসভাত দাখিল হোৱা এক প্ৰতিবেদন অনুসৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত ছফটৱেৰ, জেনেৰেটৰ, ডাটা এন্ট্ৰি অপাৰেটৰ, চুক্তিৰ নামত তৃতীয় পক্ষক পৰামৰ্শদাতা নিয়োগ. তথ্য-পাতিৰ গোপনীয় সৰবৰাহৰ দৰে নানা অনিয়ম আৰু বিত্তীয় কেলেংকাৰী তথ্য পোহৰলৈ আনিছে।

কেগৰ এই প্ৰতিবেদন অনুসৰি নাগৰিকপঞ্জীৰ নামত অপচয় কৰা হৈছিল প্ৰায় ১৬০২.৬৬ কোটি টকা।

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এক অত্যন্ত সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ছফটৱেৰ বিকশিত কৰাৰ প্ৰয়োজন আছিল বুলি কেগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে এন আৰ চি কৰ্তৃপক্ষই মূল ছফটেৱৰত ২১৫টা ছফটৱেৰ ইউটিলিজি জধে-মধে যোগ দিছিল। এই সমূহ ছফটৱেৰ বিকাশৰ উপযুক্ত প্ৰক্ৰিয়া অনুসৰণ নকৰাকৈ বা ৰাষ্ট্ৰীয় নিবিদা অনুসৰণ কৰি যোগ্যতা মূল্যায়নৰ জৰিয়তে বিক্ৰেতা বাছনি হোৱা নাছিল।

লুণ্ঠনৰ লক্ষ্য আগত ৰাখিয়েই কৰ্তৃপক্ষই এই অনিয়ম সংঘটিত কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে মেচাৰ্চ উইপ্ৰ’ লিমিটেড নামৰ ছিষ্টেম ইণ্টিগ্ৰেটৰ কোম্পানীটোৱে সংঘটিত কৰা দুৰ্নীতি-অনিয়মৰ তথ্য পোহৰলৈ আহিছে কেগৰ প্ৰতিবেদনত।

ইফালে চৰকাৰী কোৱাৰ্টাৰ দখল কৰি থকাৰ পিছতো তেতিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা নেতৃত্বাধীন এন আৰ চি কৰ্তৃপক্ষই ঘৰৰ ভাৰাৰ নামতো ২৭ কোটি টকা লুণ্ঠন চলোৱাৰ কথা প্ৰকাশ পাইছে।

এই ভয়ংকৰ দুৰ্নীতি-অনিয়মৰ কথা পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কিন্তু ভাৰতৰ মহাপঞ্জীয়কে এন আৰ চি উন্নীতকৰণৰ নামত অনুমোদন জনাইছিল কেৱল ২৮৮.১৮ কোটি টকা হে । আৰু ২০১৯ চনত এই পৰিমাণ বৃদ্ধি হৈ হয়গৈ ১৬০২.৬৬ কোটি টকা।

আনহাতে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে যোৱা বিত্তীয় বৰ্ষৰ সামৰণিতে সৰ্বমুঠ ১৫৭৯.৭৮ কোটি টকা ব্যয়ৰ তথ্য দাখিল কৰে।

Related Articles

Back to top button