কেইবাটাও দাবীৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অসম চিকিৎসা সেৱা সন্থাৰ…

ৰাজ্য চৰকাৰৰ অধীনস্থ চিকিৎসকসকলৰ বিভিন্ন দাবী তথা সমস্যাৰাজি সন্দৰ্ভত অসম চিকিৎসা সেৱা সন্থা (আমছা)ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

মঙ্গলবাৰে নিশা এন এইচ এমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আমছা নেতৃবৰ্গৰে মুকলিমূৰীয়াকৈ আলোচনা কৰে।

বৈঠকত  স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, এনএইচএমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, যুটীয়া সচিব প্ৰণতি মজুমদাৰ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰনাথ নাটে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মনোজ চৌধুৰীৰ লগতে আমছাৰ  হৈ সংগঠনটোৰ সভাপতি ডাঃ ননীগোপাল চহৰীয়া আৰু সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্ৰ তালুকদাৰৰ নেতৃত্বত গঠিত ছজনীয়া প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত কৰ্মৰত চিকিৎসকসকলৰ বাবে ‘কেডাৰ পুনৰীক্ষণ’ আৰু সময়োচিত পদোন্নতি, টাইম স্কেল পদোন্নতি, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত সেৱাৰত চিকিৎসকৰ নামভৰ্তিৰ যথোচিত ব্যৱস্থা, ডিপ্লোমাধাৰী চিকিৎসকৰ বাবে দৰমহাত দুটাকৈ আগতীয়া ইনক্ৰিমেণ্ট প্ৰদান, অনুজ চিকিৎসকৰ দৰমহাৰ তুলনাত পূৰ্বৰ পৰা কৰ্মৰত জ্যেষ্ঠ চিকিৎসকৰ দৰমহাৰ হাৰৰ অসমতুলতা, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ সুৰক্ষা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ পদৰ বাবে সময় মতে বিজ্ঞাপন জাৰি কৰাকে ধৰি আমছাৰ সকলো দাবী সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়।

আমছাৰ দ্বাৰা উত্থাপিত বিষয়ৰাজি স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰে ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই এইক্ষেত্ৰত ক্ষিপ্ৰতাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।

লগতে পদোন্নতি, কেডাৰ পুনৰীক্ষণ, দৰমহাৰ হাৰৰ অসমতুলতাকে ধৰি আমছাই উত্থাপন কৰা বহুকেইটা বিষয়ত ইতিমধ্যেই চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলিও বৈঠকত আমছা নেতৃত্বক অৱগত কৰা হয় মন্ত্ৰীগৰাকীয়ে।

বৈঠকৰ শেষত আমছা নেতৃত্বই স্বাস্থ্যমন্ত্ৰীৰে হোৱা এই আলোচনাক অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ আৰু ফলপ্ৰসূ বুলি অভিহিত কৰাৰ লগতে কৰ্মৰত চিকিৎসকসকলৰ সমস্যা তথা দাবীৰাজি সমাধানৰ দিশত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লোৱা উদ্যোগৰ শলাগ লয়।

Leave a Comment