fbpx
অসমঅসমীয়া

কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ! ৯০ জন আবাসীক আন আবাসলৈ স্থানান্তৰ

নিউজ ডেস্ক। মহানগৰীৰ অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁও, হাতীগাঁও আদিৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদতো কৃত্ৰিম বান পৰিস্থিতিয় জটিল ৰূপ ধাৰণ কৰিছে।

জানিব পৰা মতে বিশ্ববিদ্যালয়ৰ দুটা ছাত্ৰাবাস ক্ৰমে – অসম আৰ্হিৰ ৮ আৰু ৯ নং ছাত্ৰাবাসৰ বানত আবদ্ধ হৈ থকা প্ৰায় ৯০ জন ছাত্ৰক ক্ৰমে আৰ চি চি ১ , ২, ৩ আৰু ৪ নং ছাত্ৰাবাসলৈ বুধ আৰু বৃহস্পতিবাৰে স্থানান্তৰ কৰা হয়।

সমান্তৰাল ভাৱে নিকটবৰ্তী জিলা কেইখনৰ ছাত্ৰ সকলক বান পৰিস্থিতিৰ উন্নতি নোহোৱা পৰ্যন্ত নিজ ঘৰলৈ যাবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰামৰ্শ আগবঢ়াইছে বুলি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতা আৰু সাধাৰণ সম্পাদক বিকি শৰ্মাই জানিবলৈ দিছে।

1 5

ইফালে সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিয়া মতে এতিয়াও চৌহদৰ দুটা ছাত্ৰীনিবাস ক্ৰমে অসম আৰ্হিৰ ১০ নং আৰু আৰ চি চি ৫ নং আবাসত এতিয়াও জলবন্দী হৈ আছে প্ৰায় ১৯০ জনী ছাত্ৰী।

ইতিমধ্যে, দুয়োটা আবাসলৈ যোৱা একমাত্ৰ পথচোৱা সম্পূৰ্ণ বানৰ কবলত পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

আনকি বিগত দুটা দিনত দুয়োটা ছাত্ৰীনিবাসৰ আবাসী সকলক বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত গাড়ীৰে পানী যোগান ধৰিব লগীয়া হয়।

2

সম্প্ৰতি দুয়োটা ছাত্ৰীনিবাস পানীৰ মাজত আছে আৰু বৰষুণৰ পৰিমাণ বৃদ্ধি পালে দুয়োটা আবাসৰ ভিতৰলৈ পানী সোমোৱাটো নিশ্চিত।

ইফালে বিশ্ববিদ্যালয়ত আন আন ছাত্ৰীনিবাস সমূহ আবাসীৰে ভৰি থকাত তেওঁলোকক ছাত্ৰৰ দৰে আন আবাসলৈ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থা সমস্যাৰ সন্মুখীন হোৱা বুলি সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিছে।

উল্লেখযোগ্য যে প্ৰায় ডেৰমাহ পূৰ্বেও সেই আবাস চাৰিটা কৃত্ৰিম বানৰ কবলত পৰাত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বিশ্ববিদ্যালয় চৌহদলৈ আহি বান পৰিস্থিতি পৰিদৰ্শন কৰি কৃত্ৰিম বানপানীৰ সমস্যাটোৰ সমাধানৰ আশ্বাস দিছিল।

WhatsApp Image 2022 06 17 at 7.22.01 PM 1

আনকি জলসম্পদ মন্ত্ৰীয়ে পৰিদৰ্শন কৰি যোৱাৰ পাছদিনাই জলসম্পদ বিভাগৰ পূব গুৱাহাটী সংমণ্ডলৰ ফালৰ পৰা কেবাদিনো ধৰি যুদ্ধকালীন তৎপৰতাৰে জালুকবাৰী – সাতমাইল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ দাঁতিত নলা খান্দি আবদ্ধ পানী সমূহ উলিয়াই দিয়াত বান সমস্যাটোৰ সাময়িক ভাৱে সমাধান হৈছিল।

কিন্ত সেই উলিয়াই দিয়া পানী সমূহ পোনে পোনে ব্ৰহ্মপুত্ৰলৈ বৈ নোযোৱাত আৰু বিগত কেবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে পুনৰ জলমগ্ন হৈ পৰে সেই চাৰিটা আবাস । যাৰ বাবে স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ সংলিষ্ট সকলো বিভাগ – কৰ্তৃপক্ষক শীঘ্ৰে বান সমস্যাটোৰ সমাধানৰ বাবে আহ্বান জনাইছে।

এইক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীৰ তৎপৰতা কামনা কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!