কৃতজ্ঞতা! ২৭ জনকৈ প্ৰবীণ বিজেপি নেতাৰ চৰণ ধুই সেৱা ল’লে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীক অনুসৰণ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে চাফাই কৰ্মীৰ চৰণ নিজ হাতেৰে ধুৱাই দিয়াৰ লেখীয়াকৈ এইবাৰ অসমৰ মুখ্যমন্ত্ৰীয়েও দলৰ প্ৰবীণ নেতাৰ চৰণ ধুই ল’লে আশীষ।

উল্লেখ্য যে দৰং জিলাৰ বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে শুকুৰবাৰে পুৱা ১০.৩০ বজাত ভেবাৰঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

ইয়াৰ পাছতে অনুষ্ঠিত এক দলীয় কাৰ্যাসূচীত বিজেপি দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি অহা ১৭ জনকৈ জ্যেষ্ঠ দলীয় নেতা আৰু কৰ্মকৰ্তাৰ চৰণ ধুই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ভৱনটো উদ্বোধন কৰাৰ পিছতে মুখ্যমন্ত্ৰীজে উক্ত স্থানতে প্ৰাক্তন সাংসদ তথা দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকা, প্ৰাক্তন বিধায়ক তথা সাহিত্যিক ডঃ নগেন্দ্ৰনাথ শৰ্মা, হৰিৰাম চহৰীয়া, নাৰায়ণ চহৰীয়া, শশীকান্ত ৰাভা, অতুল শৰ্মা, দেৱেন শীল, উৎপল দে’, হৰনাথ শইকীয়া, যোগেশ্বৰ শৰ্মা, ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, চন্দ্ৰ চক্ৰৱৰ্তী, ৰমনীকান্ত চহৰীয়া, হিৰেণ ডেকা আদি কেইবাজনো জ্যেষ্ঠ দলৰ বিষয়বীয়াৰ চৰণ ধুই আশীৰ্বাদ গ্ৰহণ কৰে।

এই কাৰ্যসূচীৰ ভিডিঅ’ টুইট কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে চাওকঃ

তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু, থানাৰ সন্মুখত ঘটিল দুৰ্ঘটনা

Leave a Comment