
নিউজ ডেস্কঃ অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল কাশ্মীৰী পণ্ডিতৰ ওপৰত অকথ্য নিৰ্যাতন চলাই মৃত্যুদণ্ডৰ শাস্তি বিহা কাৰাৰুদ্ধ জম্মু-কাশ্মীৰ লিবাৰেশ্যন ফ্ৰণ্টৰ নেতা বিট্টা কাৰাটেৰ পত্নী আৰু হিজবুল মুজাহিদীনৰ নেতা ছৈয়দ ছাল্লাহুদ্দিনৰ পুত্ৰক।
স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ অংশস্বূৰুপে দুই সন্ত্ৰাসবাদী নেতাৰ পত্নী আৰু পুত্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ জাৰি কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে।
ৰাজ্যপাল মনোজ সিনহাৰ নিৰ্দেশনাত প্ৰশাসনে শনিবাৰে চাৰিজন চৰকাৰী কৰ্মচাৰীক বৰ্খাস্ত কৰে। বৰ্খাস্ত হোৱা সকলৰ ভিতৰত আছে সন্ত্ৰাসবাদীৰ অভিযোগৰ সন্মুখীন হোৱা আৰু ১৯৯০ ৰ দশকত কাশ্মীৰী পণ্ডিত সকলক স্বগৃহ এৰিবলৈ বাধ্য কৰোৱা সন্ত্ৰাসবাদী বিট্টা কাৰাটেৰ পত্নী আসবাহ আৰজুমান্দ খান।

এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, এই চৰকাৰী কৰ্মচাৰী সকলৰ ওপৰত চোৰাং চোৱাই নজৰ ৰখাৰ পিছত তেওঁলোকৰ কাৰ্যকলাপক লৈ সন্দেহ ঘণীভূত হৈছিল। জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিঘ্নিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভ কৰাৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।
উল্লেখযোগ্য যে, কেইবাগৰাকীও কাশ্মীৰী পণ্ডিতক হত্যা কৰা বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বিট্টা কাৰাটেৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো এক সন্মানৰ বিষয় বুলি মন্তব্য কৰিছিল তেওঁৰ পত্নী আসবাহ খানে।
প্ৰণিধানযোগ্য যে, ১৯৯১ চনত এক সাক্ষাৎকাৰত কাৰাটেয়ে স্বীকাৰ কৰিছিল যে তেওঁ ২০ জনৰো অধিক কাশ্মীৰী পণ্ডিতক মৃত্যুদণ্ড বিহিছিল। তেওঁ এইটোও স্বীকাৰ কৰিছিল যে কাশ্মীৰী পণ্ডিত সতীশ টিকু তেওঁ হত্যা কৰা প্ৰথম ব্যক্তি আছিল।

এইগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰে পত্নী আসাবাহ খান ২০০৯ চনত কাশ্মীৰ প্ৰশাসনিক সেৱা (কেএএছ) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত সাধাৰণ প্ৰশাসনিক বিভাগত নিযুক্তি লাভ কৰে। ২০১১ চনত তেওঁ বিট্টা কাৰাটেৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
লক্ষণীয়ভাৱে, ২০২২ চনৰ মাৰ্চ মাহত সতীশ টিকুৰ পৰিয়ালৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত ৩১ বছৰৰ দীঘলীয়া অপেক্ষাৰ পিছত কাৰাটেৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অধিবক্তা উৎসৱ বেইন্সে পৰিয়ালৰ হৈ ফাৰুক আহমেদ দাৰ ওৰফে বিট্টা কাৰাটেৰ বিৰুদ্ধে অপৰাধমূলক আবেদন দাখিল কৰে।
অন্যহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ২০১৯ চনত বিট্টা কাৰাটেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সংস্থাটোৱে কাৰাটে, চৈয়দ ছালাউদ্দিন আৰু অন্যান্যসকলৰ বিৰুদ্ধে “চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ষড়যন্ত্ৰ” আৰু পুলৱামা আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত সমস্যা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বৰ্তমানৰ শ্ৰীনগৰৰ কাৰাগাৰত বন্দীত্বৰ জীৱন পাৰ কৰি আছে বিট্টা কাৰাটেয়ে।