কুকুৰৰ প্ৰভূভক্তি! ৭০ ফুট তললৈ পৰি যোৱা মালিকৰ উদ্ধাৰ অভিযানৰ নেতৃত্ব দিলে এটা কুকুৰে

নিউজ ডেস্কঃ মানুহ আৰু পোহনীয়া কুকুৰৰ মাজত এক নিবিড় সম্পৰ্ক আছে। গৃহস্থৰ বাবে পোহনীয়া কুকুৰটো হৈ পৰে ঘৰৰ এজন সদস্যৰ দৰেই। আনহাতে, কুকুৰটোৰ বাবে ঘৰৰ সদস্যসকল হৈ পৰে প্ৰভূ। তেওঁলোকৰ ৰক্ষা আৰু সুৰক্ষাই যেন হৈ পৰে তাৰ একান্ত দায়িত্ব। গৰাকীৰ প্ৰতি অতি নিষ্ঠাৱান কুকুৰৰ প্ৰভুভক্তি বিভিন্ন সময়ত চৰ্চালৈ আহে।

শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ এটা ঘটনা পোহৰলৈ আহিছে য’ত, এটা কুকুৰে ৭০ ফুট তললৈ পৰি যোৱা তাৰ ৫৩ বছৰীয়া মালিকক উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰকাৰী দলক নেতৃত্ব দিয়ে। যাৰ বাবে উদ্ধাৰকাৰী দলে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় ব্যক্তিগৰাকীৰ।

তথ্য অনুসৰি, কুকুৰটো আৰু তাৰ মালিকে টাহো নেচনেল ফৰেষ্টৰ ওচৰত হাইকিং কৰি থকাৰ সময়তে মালিকজন ৭০ ফুট তললৈ পৰি যায়।

লোকজনক উদ্ধাৰ কৰিবলৈ ২৫ জন অনুসন্ধান আৰু উদ্ধাৰকাৰী সদস্য ৰাওনা হয়। এই সমগ্ৰ অনুসন্ধান কাৰ্যত দলটোক নেতৃত্ব দিয়ে কুকুৰটোৱে। কুকুৰটোৰ নেতৃত্বতে উদ্ধাৰকাৰী দলে বিচাৰি পায় লোকজনক।

তলত পৰি যোৱাৰ ফলত লোকজনৰ নিতম্ব আৰু ভৰিৰ হাড় ভাঙি যায়। লোকজনক পৰৱৰ্তী সময়ত এয়াৰ এম্বুলেঞ্চৰে উদ্ধাৰকাৰী দলটোৱে হাস্পতাললৈ প্ৰেৰণ কৰে।

এগৰাকী বিষয়া্ই কয় যে “এই উদ্ধাৰ কাৰ্যৰ সমগ্ৰ কৃতিত্ব কুকুৰটোলৈ যায়। সি প্ৰায় ২০০ গজ অৰণ্যৰ মাজে মাজে দৌৰি আমাক নেতৃত্ব দি সহায় কৰিছিল। কুকুৰটোৰ প্ৰভুভক্তি দেখি আমি সঁচাকৈয়ে আচৰিত হৈছো।”

এই ঘটনাটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা লগে লগে ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কুকুৰটোক উচ্চ প্ৰশংসা কৰাৰ লগতে কুকুৰ আৰু মানুহৰ এই নিবিড় সম্পৰ্ক দেখি আবেগিক হৈ পৰে।