কুঁৱাত আবদ্ধ হোৱা হাতী পোৱালীক ১২ ঘণ্টা জোৰা অভিযানৰ অন্তত উদ্ধাৰ!

কুঁৱাত আবদ্ধ হোৱা হাতী পোৱালীক ১২ ঘণ্টা জোৰা অভিযানৰ অন্তত উদ্ধাৰ!

January 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। উত্তৰ কেৰেলাৰ কাজীকডে জিলাৰ আনাইকয়লত এটা দ’ গাঁতত সোমাই পৰা হাতী পোৱালীক সুকলমে উদ্ধাৰ কৰা হয়।

বন, ৰাজহ আৰু আৰক্ষীৰ যুটীয়া উদ্ধাৰকাৰী দলে কৰা ১২ ঘণ্টা জোৰা এক দীৰ্ঘ সময়ৰ অভিযানৰ অন্তত গাঁতত পৰা হাতী পোৱালীটোক উদ্ধাৰ কৰা হয়।

এজন শীৰ্ষ বন বিষয়াই ঘটনা সন্দৰ্ভত কয়, ‘সৌভাগ্যক্ৰমে হাতী পোৱালীটোক উদ্ধাৰ কৰি এখন হাবিত মুকলি কৰি দিয়া হয়। মাটি খন্দা বাহন সহ বিভিন্ন যন্ত্ৰৰ সহায়ত হাতী পোৱালীটোক উদ্ধাৰ কৰা হয়।’

‘সৰু গাঁতটো খান্দি পোৱালীটো ওলাই যাব পৰাকৈ এটা পথ নিৰ্মাণ কৰা হয় আৰু তেনেদৰেই হাতী পোৱালীটো ওলাই আহিবলৈ সক্ষম হয়। অৱশ্যে হাতী পোৱালীটোৱে হৃদযন্ত্ৰত আঘাত পাইছে বুলি সন্দেহ কৰা হৈছিল যদিও বিশেষ একো ক্ষতি নহয় পোৱালীটোৰ।’- এই মন্তব্য উদ্ধাৰ অভিযানত তদাৰক কৰা এজন বন বিষয়াৰ।